নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃ-মাতৃৰ অনুপস্থিতিত চুবুৰীয়াৰ কামনাৰ বলি হ’ল নাবালিকা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ ঘৰত পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ এজন যুৱকে এগৰাকী নাবালিকাক দীৰ্ঘদিন ধৰি ধৰ্ষণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । হায়দৰাবাদৰ পাঞ্জাগুট্টা আৰক্ষী চকীৰ অন্তৰ্গত জাহাংগীৰ নামৰ ৩০ বছৰীয়া যুৱকজনে বিগত বহুদিন ধৰি ঘৰত পিতৃ-মাতৃ নথকাৰ সুযোগ গ্ৰহণ কৰি ১৩ বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী নাবালিকাৰ মাতৃয়ে ।

পাঞ্জাগুট্টা আৰক্ষীয়ে জনোৱা অনুসৰি , বিগত বহুদিন ধৰি পিতৃ-মাতৃ নিজ নিজ কৰ্মক্ষেত্ৰলৈ ওলাই যোৱাৰ পাচত জাংহাগীৰে ভুক্তভোগী পৰিয়ালটোৰ গৃহত প্ৰৱেশ কৰি চলাই আহিছিল এই অসৎ কাৰ্য । ভুক্তভোগী নাবালিকাৰ মাতৃৰ এজাহাৰ ভিত্তিত ইতিমধ্যে অভিযুক্ত জাহাংগীৰৰ বিৰুদ্ধে আইপিচি ৩৭৬ আৰু পস্ক’ এক্টৰ ৫ আৰু ৬ নং ধাৰাত এক গোচৰ ৰুজু কৰা হৈছে ।

You might also like