নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুলৱামাত সেনাৰ গুলীত নিহত জইছৰ ৩ সদস্য

নিয়মীয়া বাৰ্তা, ৪ জুন: জম্মু–কাশ্মীৰৰ পুলৱামাত বুধবাৰে সেনাৰ গুলীত দুর্ধর্ষ কমাণ্ডাৰসহ তিনি জইছ–ই–মহম্মদৰ সদস্য নিহত হয়৷ আৰক্ষী উপ–মহাপৰিদর্শক বিজয় কুমাৰে প্রকাশ কৰা মতে, দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত সন্ত্রাসবাদী গোটৰ সৈতে সেনা–আৰক্ষীৰ যুটীয়া বাহিনীৰ সংঘর্ষ হয়৷ এই সংঘর্ষত জইছৰ কমাণ্ডাৰ আব্দুল ৰেহমান ওৰফে ফৌজী ভাইসহ তিনি সদস্যৰ মৃত্যু হয়৷

২০১৭ চনৰে পৰা জম্মু–কাশ্মীৰত সক্রিয় হৈ থকা ফৌজী ভাই পাকিস্তানৰ মুলতানৰ৷ আই ই ডি বিশেষজ্ঞ দুর্ধর্ষ সন্ত্রাসবাদী ফৌজী ভাই অঞ্চলটোৰ কেইবাটাও কূটাঘাতমূলক কার্যত জড়িত হৈ আছে৷ বিগত সপ্তাহত দুর্ধর্ষ ফৌজী ভায়ে বিস্ফোৰকভর্তি ট্রাকেৰে পুলৱামা সদৃশ আত্মঘাতী আক্রমণ চলাবলৈ বিচাৰিছিল নিৰাপত্তা বাহিনীৰ ওপৰত৷ কিন্তু নিৰাপত্তাবাহিনীয়ে সেই আক্রমণ ব্যর্থ কৰি চলাই থকা অভিযানৰ অংশ হিচাপে আজি দুর্ধর্ষ কমাণ্ডাৰজনক হত্যা কৰিবলৈ সক্ষম হয়৷

You might also like