নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেগাছাছ কেলেংকাৰিৰ তদন্তৰ দাবীৰে ছুপ্রিম ক’ৰ্টত নতুন আবেদন

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ইজৰাইলী স্পাইৱেৰ পেগাছাছক লৈ তদন্তৰ আর্জি জনাই এক গোচৰ তৰা হৈছে উচ্চতম ন্যায়ালয়ত৷ নিউয়র্ক টাইমছ কাকতত প্রকাশিত প্রতিবেদনৰ ভিত্তিত শীর্ষ আদালতখনক ২০১৭ত ইজৰাইলৰ সৈতে হোৱা ভাৰতৰ প্রতিৰক্ষা চুক্তি তন্ন তন্নকৈ পৰীক্ষা কৰাৰ আবেদন জনোৱা হৈছে৷ এক অধিবক্তাই জনোৱা এই আবেদনত উল্লেখ কৰা হৈছে যে শীর্ষ আদালতখনে এই বিষয়টো সন্দর্ভত সংশ্লিষ্ট বিষয়ববীয়া তথা বিভাগৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰাৰ অনুমতি দিব লাগে৷ ইয়াৰ সমান্তৰালভাৱে উচ্চতম ন্যায়ালয়ে পেগাছাছ কেলেংকাৰি সন্দর্ভত তদন্তৰ নির্দেশ দিব লাগে বুলিও দাবী জনোৱা হৈছে আবেদনত৷ সংবাদ পত্রত প্রকাশ প্রতিবেদনৰ প্রসংগও অধিবক্তাগৰাকীয়ে আবেদনত উল্লেখ কৰিছে৷ ইজৰাইলৰ সৈতে ২০০ কোটি আমেৰিকান ডলাৰৰ যি প্রতিৰক্ষা চুক্তি স্বাক্ষৰ হৈছিল তাৰ ভিতৰতে ভাৰতে পেগাছাছ স্পাইৱেৰ ক্রয় কৰা বিষয়টো সোমাই আছে৷ ইজৰাইলী সংস্থা এন এছ অ’ৰ তৰফৰ পৰা নজৰদাৰীৰ বাবে ব্যৱহূত এই চাইবাৰ অস্ত্র স্পাইৱেৰ বিক্রী কৰি আহিছে বিগত এটা দশক ধৰি৷ লক্ষণীয়ভাৱে ভাৰতৰ বহু বিশিষ্ট ব্যক্তি তথা প্রতিষ্ঠানৰ ওপৰত পেগাছাছৰ জৰিয়তে নজৰদাৰী কৰাৰ অভিযোগ উঠিছিল৷ কেন্দ্রীয় চৰকাৰে তাক অগ্রাহ্য কৰিছিল যদিও নিউয়র্ক টাইমছৰ প্রতিবেদনে ভাৰতে পেগাছাছ ক্রয় কৰাটো সত্য বুলি প্রমাণিত কৰিছে৷

You might also like