নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড ধুমুহা–বজ্রপাতত বিহাৰত প্রাণ হেৰুৱালে ৩৩জনে

নিয়মীয়া বাৰ্তা, ২২ মে’:  দেশৰ ভিন্ন প্রান্তত প্রবল বৰষুণত সৃষ্ট প্রলয়ংকৰী বান, ধুমুহা, বজ্রপাতে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে৷ প্রাকৃতিক দুর্যোগে কেইবাখনো ৰাজ্যত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে৷ বিহাৰত ধুমুহা, বজ্রপাতত অতি কমেও ৩৩জন লোকৰ প্রাণহানি হৈছে৷ ৰাজ্যখনৰ ১৬খন জিলাত কালিৰে পৰা হোৱা বৰষুণ, ধুমুহা, বজ্রপাতৰ ফলত ৩৩জন লোকৰ প্রাণহানি হোৱাৰ লগতে সা–সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে৷ ধুমুহা–বজ্রপাতত প্রাণ হেৰুওৱা ঘটনাত বেদনাহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মৃতকৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰিছে৷

তদুপৰি ৰাজ্য চৰকাৰক এই ঘটনাক লৈ সক্রিয় ব্যৱস্থা গ্রহণ কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে আহ্বান জনাইছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে প্রাণ হেৰুওৱা লোকৰ প্রতিটো পৰিয়াললৈ চাৰি লাখ টকা আর্থিক সাহায্য ঘোষণা কৰিছে৷ মন কৰিবলগীয়া যে তাপ প্রৱাহে দহি থকা ৰাজধানী দিল্লীত কালি সন্ধিয়া সামান্য বৰষুণৰ লগতে বিজুলী–ঢ়েৰেকনিয়ে শংকাৰ সৃষ্টি কৰে৷ ইপিনে, প্রবল বৰষুণৰ বাবে উত্তৰাখণ্ডৰ ঋষিকেশ–যমুনোত্রী ঘাইপথৰ অংশ এটা খহি পৰাত যাতায়াতৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে৷ পথটোৰে অহা–যোৱা কৰা যাত্রীসকল দুর্যোগৰ সন্মুখীন হৈছে৷ যমুনোত্রী মন্দিৰলৈ যোৱা পথটো খহি পৰাৰ ফলত ১০ সহস্রাধিক লোক ঘাইপথতে আবদ্ধ হৈ পৰিছে৷

ঘাইপথটোৰ ভিন্ন প্রান্তত আবদ্ধ হৈ পৰা লোকসকলক প্রশাসনে নিৰাপদে নিজৰ যাত্রাপথলৈ আগবঢ়াই নিছে৷ সৰু সৰু গাড়ীত আবদ্ধ হৈ থকা লোকসকলক প্রশাসনে লক্ষ্যস্থানলৈ নিবলৈ সক্ষম হৈছে যদিও ডাঙৰ গাড়ীত থকা লোকসকল আবদ্ধ হৈ আছে৷ কালি কিছু সময়ৰ বাবে এই পথটো খুলি দিয়া হৈছিল যদিও পুনৰ খহনীয়া আৰম্ভ হোৱাত পথটো বন্ধ কৰি ৰখা হৈছে৷ প্রবল বৰষুণ, ধুমুহা, বজ্রপাতৰ বাবে উক্ত অঞ্চলত কালি নিশাৰে পৰা বিদ্যুৎ ব্যৱস্থা ব্যাহত হৈছে৷

You might also like