নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদকাৰীক পাকিস্তানত বাস কৰাৰ নির্দেশ আৰক্ষী বিষয়াৰ

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ উত্তৰপ্রদেশৰ মীৰাটত ‘কা’বিৰোধী প্রতিবাদত অংশগ্রহণ কৰা মুছলমান লোকসকলক অশালীন ব্যৱহাৰ কৰি পাকিস্তানত গৈ বাস কৰিবলৈ নির্দেশ দিয়া আৰক্ষী বিষয়া এজনৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব চৰকাৰে৷

আৰক্ষী বিষয়াজনে মুছলমান প্রতিবাদকাৰীসকলক্ পাকিস্তানত গৈ আশ্রয় লোৱাৰ নির্দেশ দিয়া এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুকলি হোৱাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ এই ঘটনাৰ পাছতে কেন্দ্রীয় সংখ্যালঘু পৰিক্রমা মন্ত্রী মুখতাৰ আব্বাছ নাক্ভিয়ে উত্তৰপ্রদেশৰ এই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে যোগী আদিত্যনাথ চৰকাৰক৷

যদি এই ভিডিঅ’ৰ ঘটনা সত্য হয়, তেন্তে এয়া গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি নাক্ভিয়ে সংবাদ মাধ্যমক জনাইছে যে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিব লাগিব উত্তৰপ্রদেশ চৰকাৰে৷

You might also like