নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ম’টেৰাৰ ‘নমস্তে ট্রাম্প’ত ঘোষণা কৰাৰ পিছত মঙলবাৰে ভাৰতৰ সৈতে প্রতিৰক্ষা খণ্ডত ৩ মিলিয়ন মার্কিন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিলে আমেৰিকা যুক্তৰাষ্ট্রই৷ নতুন দিল্লীৰ হায়দৰাবাদ ভ্রমণত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বিপাক্ষিক বৈঠকত প্রতিৰক্ষাৰ পৰা বাণিজ্যলৈকে বিভিন্ন বিষয়ত আলোচনা হয়৷ এই আলোচনাৰ সময়তে ভাৰতৰ সৈতে আমেৰিকাৰ ৩ মিলিয়ন মার্কিন ডলাৰৰ প্রতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে৷ এই চুক্তিমতে আমেৰিকা যুক্তৰাষ্ট্রত উৎপাদিত বিভিন্ন অত্যাধুনিক প্রতিৰক্ষা সামগ্রী ভাৰতে লাভ কৰিব৷ চুক্তিমতে ভাৰতে অত্যাধুনিক হেলিকপ্ঢাৰ লাভ কৰিব৷ বিশ্বৰ সামুদ্রিক অত্যাধুনিক হেলিকপ্ঢাৰ হিচাপে বিবেচিত এমএইচ–৬০আৰ চিহক ভাৰতীয় নৌবাহিনীয়ে লাভ কৰিব৷
উল্লেখ্য যে এই হেলিকপ্টাৰ ক্রয় কৰাৰ বাবে বিগত সপ্তাহত কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছিল৷ বর্তমান ভাৰতে ব্যৱহাৰ কৰি থকা ব্রিটিছ নির্মিত কিং হেলিকপ্টাৰৰ পৰিৱর্তে এমএইচ–৬০ বহুমুখী আৰ এছ হেলিকপ্টাৰখন ব্যৱহাৰ কৰিব নৌবাহিনীয়ে৷ দুবছৰৰ ভিতৰত লকহিড মার্টিন নামৰ প্রতিৰক্ষা নির্মাণ কোম্পানীটোৱে ভাৰতক এই অত্যাধুনিক হেলিকপ্টাৰখন যোগান ধৰিব৷ নৌবাহিনীয়ে এই হেলিকপ্টাৰ এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ (এএছডব্লিউ), এণ্টি ছাৰফেছ ৱাৰফেয়াৰ (এএছইউডব্লিউ), কমাণ্ড এণ্ট কণ্ড্র’ল, ইচিএম, চার্ছ এণ্ড ৰেছকিউ, ভার্টিকেল ৰিপ্লেনিছমেণ্ট আদিত ব্যৱহাৰ কৰিব৷ চুক্তিমতে এই হেলিকপ্ঢাৰৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্রই ভাৰতীয় স্থলবাহিনীৰ বাবে ছখন এএইচ–৬৪ই আপাচী হেলিকপ্ঢাৰ যোগান ধৰিব৷
উল্লেখ্য যে এই হেলিকপ্টাৰখন অতিকে অত্যাধুনিক আৰু যুদ্ধৰ সময়ত শত্রুপক্ষক ধূলি দি আক্রমণ কৰাৰ বাবে অধিক সক্ষম৷ এই হেলিকপ্ঢাৰৰ উপৰি বিভিন্ন প্রতিৰক্ষা সামগ্রী ভাৰতে আমেৰিকাৰ পৰা লাভ কৰিব৷