নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রবল ভূমিকম্প হ’ব ৰাজধানী দিল্লীত

নিয়মীয়া বাৰ্তা, ৫ জুনঃ দেশৰ ৰাজধানী নতুন দিল্লী আৰু দাঁতিকাষৰীয়া অঞ্চলত প্রবল ভূমিকম্প হ’ব৷ আই আই টি জম্মুৰ অধ্যাপক তথা ভূমিকম্প অভিযান্ত্রিকৰ বিশেষজ্ঞ চন্দন ঘোষে প্রকাশ কৰা মতে, বিগত দুমাহৰ ভিতৰত দিল্লীকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত সঘনাই হৈ থকা ভূমিকম্পই এই কথাৰ ইংগিত দিছে যে দিল্লী–দাঁতিকাষৰীয়া অঞ্চলত প্রবল ভূমিকম্প হ’ব৷

উল্লেখ্য যে যোৱা ১২ এপ্রিলৰ পৰা ৩ জুনলৈকে দিল্লী আৰু দাঁতিকাষৰীয়া অঞ্চলত ১১ টা ভূমিকম্প হৈ গৈছে৷ অৱশ্যে এই ভূমিকম্পৰ প্রাবল্য মৃদু৷ কিন্তু যিটো হাৰত ভূমিকম্প হৈ আছে ই এক ইংগিত দিয়ে যে অঞ্চলটোত প্রবল ভূমিকম্প হ’ব৷ তাৎপর্যপূর্ণ যে দিল্লী–ৰাজধানীৰ সমীপৱর্তী অঞ্চলসমূহ ভূমিকম্পপ্রৱণ অঞ্চল৷ যোৱা ১৯ মে’ত দুটাকৈ ভূমিকম্পই দিল্লীক জোকাৰি গৈছিল, যাৰ ৰিখ্টাৰ স্কেলত প্রাবল্য ৪.৫৷ ৰাজধানী দিল্লীৰ লগতে নয়দা, গুৰুগ্রাম অঞ্চলত প্রবল ভূমিকম্পৰ সম্ভাৱনা আছে৷ এই ভূমিকম্পৰ প্রাবল্য ৰিখ্টাৰ স্কেলত ৬তকৈ অধিক হ’ব৷ যিয়ে ৰাজধানী চহৰখনৰ লগতে দাঁতিকাষৰীয়া অঞ্চলক বিধ্বস্ত কৰিব পাৰে৷

 তথ্য মতে, দিল্লী–এন চি আৰ ভূ–কম্পপ্রৱণ মণ্ডল–৪ত আছে৷ গতিকে এই অঞ্চলটোত ভূমিকম্প হোৱাৰ সম্ভাৱনা প্রকট হৈ আছে৷ আনপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আর্থকুৱেক ৰিস্ক ইভালুৱেচন চেণ্টাৰৰ প্রাক্তন মুৰব্বী ড০ এ কে শুক্লায়ো দিল্লীত ৬ৰ পৰা ৬.৫ প্রাবল্যৰ ভূমিকম্পই জোকাৰিব পাৰে বুলি মন্তব্য কৰিছে৷

You might also like