প্রব্রজনকাৰী শ্রমিকৰ পৰা ল’ব নোৱাৰিব ৰে’ল–বাছ ভাৰা
নিয়মীয়া বাৰ্তা, ২৯ মেঃ দেশজুৰি প্রাণঘাতী ক’ৰোনা ভাইৰাছ প্রতিৰোধী লকডাউনৰ সময়ছোৱাত প্রব্রজিত শ্রমিক তথা অন্যান্য লোকসকলৰ জীৱনলৈ আহি পৰা যন্ত্রণাদায়ক পৰিস্থিতিৰ বিষয়টো সন্দর্ভত উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ আজি দেশৰ শীর্ষ আদালতে প্রব্রজিত শ্রমিকসকলৰ সংকটৰ বিষয়টোক গুৰুত্ব প্রদান কৰি উল্লেখ কৰিছে যে ৰে’ল বিভাগে ৰাজ্য চৰকাৰসমূহৰ অনুৰোধমর্মে প্রব্রজনকাৰী লোকসকলক আবদ্ধ হৈ থকা বিভিন্ন স্থানৰ পৰা গৃহভূমিলৈ লৈ যোৱাৰ ক্ষেত্রত বিনামূলীয়া ভ্রমণৰ সুযোগ দিয়া উচিত৷
স্মর্তব্য যে ৬০ দিনীয়া লকডাউনত আটাইতকৈ সংকটৰ সন্মুখীন হৈছে দেশৰ কেইবানিযুতো প্রব্রজিত শ্রমিক৷ অকল সেয়াই নহয়, ৰে’লেৰে প্রব্রজিত লোকসকলে গৃহভূমিলৈ যাত্রা কৰাৰ সময়ত ৰে’ল বিভাগে খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাও কৰিব লাগিব বুলি শীর্ষ আদালতখনৰ তিনিজনীয়া বিচাৰপতিৰ এক বিচাৰপীঠে পৰামর্শ আগবঢ়াইছে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰসমূহে প্রব্রজনকাৰী শ্রমিকসকলৰ নাম ৰে’ল তথা বাছত পঞ্জীয়ন হৈছে নে নাই, সেই বিষয়টো তদাৰক কৰিব লাগিব বুলিও বিচাৰপীঠখনৰ তৰফৰ পৰা পৰামর্শ আগবঢ়োৱা হৈছে৷ অর্থাৎ বাছতো বিনামূলীয়াকৈ শ্রমিকসকলক শ্রমিকসকলক গৃহভূমিত উপস্থিত হোৱাৰ সুযোগ দিব লাগিব৷
একে সময়তে যিখন ৰাজ্যত শ্রমিকসকল আবদ্ধ হৈ আছে, সেই ৰাজ্য চৰকাৰে তেওঁলোকক খাদ্য তথা বিভিন্ন সা–সুবিধা প্রদান কৰিব লাগিব৷ সেইদৰে কোনো প্রব্রজনকাৰী শ্রমিকে খোজকাঢ়ি দূৰ–দূৰণিৰ পৰা গৃহভূমিলৈ গৈ থকা অৱস্থাত পালেই তেওঁলোকক তাৎক্ষণিকভাৱে আশ্রয় দান কৰি খাদ্য আৰু অন্যান্য সকলো সুবিধা সংশ্লিষ্ট ৰাজ্যসমূহে প্রদান কৰিব লাগিব বুলি তিনিওগৰাকী বিচাৰপীঠে উল্লেখ কৰিছে৷ এইক্ষেত্রত সকলো তথ্য ৰাজহুৱাকৈ সকলো বিভাগৰ নজৰত পৰাকৈ প্রকাশ কৰিব লাগিব৷ স্মর্তব্য যে বিৰোধীশাসিত কেইখনমান ৰাজ্যৰ সৈতে কেন্দ্রীয় চৰকাৰক প্রব্রজনকাৰী শ্রমিকৰ যন্ত্রণাৰ বিষয়টোক লৈ তীব্র মতানৈক্য সৃষ্টি হোৱাৰ পিছত শীর্ষ আদালতখনে বিষয়টোত হস্তক্ষেপ কৰে৷ এইক্ষেত্রত মহাৰাষ্ট্রই ৰে’ল মন্ত্রালয়ক কঠোৰ সমালোচনা কৰা বিষয়টো প্রথম দেশজুৰি চর্চালৈ আহে৷ লক্ষণীয়ভাৱে মহাৰাষ্ট্রত আছে বৃহৎসংখ্যক প্রব্রজনকাৰী শ্রমিক৷ বিগত এটা সপ্তাহ ধৰি মহাৰাষ্ট্রৰ পৰা প্রব্রজনকাৰী শ্রমিকসকলক গৃহভূমিলৈ প্রেৰণৰ ক্ষেত্রত ৰে’ল বিভাগে পর্যাপ্ত ৰে’লৰ সুবিধা
প্রদান নকৰাৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে কঠোৰ সমালোচনা কৰিছে৷ বিশিষ্ট অধিবক্তা কপিল ছিবাল আৰু ইন্দিৰা জয়সিঙে আজি এই সন্দর্ভত যুক্তি দর্শাই কয় যে ৰে’ল বিভাগে মাত্র সামর্থ্যৰ তিনি শতাংশ ৰে’লহে প্রব্রজনকাৰী শ্রমিকক পৰিবহণৰ ক্ষেত্রত ব্যৱহাৰ কৰিছে৷ এই ব্যৱস্থা অব্যাহত থাকিলে দুর্গত শ্রমিকসকলক গৃহভূমিলৈ কঢ়িয়াবলৈ তিনি মাহ সময় লাগিব বুলিও দুয়োগৰাকী অধিবক্তাই যুক্তি দর্শায়৷ ইফালে, উচ্চতম ন্যায়ালয়ৰ এই পৰামর্শৰ পিছতে আজি কেন্দ্রীয় চৰকাৰে তীব্র প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে একাংশই কেৱল ‘চয়তানৰ দূত’ৰ দৰে ধাৰণা দি আহিছে৷ মাত্র এনেধৰণৰ লোকসকলে ছ’চিয়েল মিডিয়া নাইবা বিভিন্ন প্লেটফর্মত সাক্ষাৎকাৰ দি নেতিবাচক প্রচাৰ চলাই আছে৷ কিন্তু চৰকাৰে কৰি থকা কাম–কাজত স্বীকৃতি দিবলৈ তেওঁলোকে কেতিয়াও আগ্রহ প্রকাশ নকৰে৷ চৰকাৰৰ হৈ ছ’লিছিটৰ জেনেৰেল তুষাৰ মেহতাই এই মন্তব্য আগবঢ়ায় যদিও উচ্চতম ন্যায়ালয়ৰ শেহতীয়া স্থিতিয়ে কেন্দ্রীয় চৰকাৰৰ ব্যর্থতাকেই উদঙাই দিছে৷