নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রব্রজিত শ্রমিকৰ একাউণ্টত ১০ হাজাৰকৈ দিয়ক

নিয়মীয়া বাৰ্তা, ৪ জুন: প্রব্রজিত শ্রমিকৰ একাউণ্টত ১০ হাজাৰকৈ এককালীন বিত্তীয় সাহায্য জমা কৰিবলৈ কেন্দ্রীয় চৰকাৰক দাবী জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷

মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে প্রব্রজিত শ্রমিকসকলে অকল্পনীয় আর্থিক সংকটৰ সন্মুখীন হোৱাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রই প্রতিজন শ্রমিকৰ একাউণ্টত ১০ হাজাৰকৈ টকা জমা কৰক৷ এই ধনৰাশি কেন্দ্রীয় চৰকাৰে পি এম কেয়ার্ছ পুঁজিৰ পৰাই যোগান ধৰাৰো দাবী কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

You might also like