নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন প্রধানমন্ত্রী ড০ সিঙক কটাক্ষ মোদীৰ

ৰাষ্ট্রবাদী শ্লোগানতো ভুল দেখে এতিয়া

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ ‘ভাৰত মাতা কি জয়’ শীর্ষক শ্লোগান সন্দর্ভত মন্তব্য কৰা প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙক কটাক্ষ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ দুদিন পূর্বে এক কার্যসূচীত প্রাক্তন প্রধানমন্ত্রী ড০ সিঙে ‘ভাৰত মাতা কি জয়’ শ্লোগানৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ৷ দেশবাসীক আৱেগিক কৰি তোলাৰ বাবে উল্লিখিত শ্লোগানটিৰ অপব্যৱহাৰ কৰা মন্তব্যত প্রতিক্রিয়া ব্যক্ত কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশত এতিয়া ‘ভাৰত মাত কি জয়’ শীর্ষক শ্লোগান আওৰালেও একাংশই ভুল দেখে৷ স্বাধীনতা সংগ্রামৰ পিছত ‘বন্দে মাতৰম’ শ্লোগান দিলে আপত্তি দর্শোৱা লোকে এতিয়া ‘ভাৰত মাতা কি জয়’ শ্লোগান দিলেও আপত্তি দর্শায়৷ আজি বিজেপিৰ সংসদীয় দলৰ বৈঠকৰ সময়ত প্রাক্তন প্রধানমন্ত্রীগৰাকীক্ আক্রমণৰ লক্ষ্য কৰি লৈ প্রধানমন্ত্রীয়ে কয় যে একাংশ লোকে এতিয়া ‘ভাৰত মাতা কি জয়’ শ্লোগানতো বেয়া গোন্ধ বিচাৰি পাইছে৷ ৰাষ্ট্রবাদী শ্লোগান আওৰালেও বেয়া দিশ দেখে ৷

You might also like