নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাজমা থেৰাপীত আৰোগ্যৰ  পথত দিল্লীৰ ক’ৰোনা আক্রান্ত

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ ভেকছিন আৱিষ্কাৰৰ বাবে বিভিন্ন দেশ গৱেষণাত ব্যস্ত হৈ থকাৰ সময়তে ভাৰতে ক’ৰোনাৰ  চিকিৎসাৰ ক্ষেত্রত আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে৷ ভাৰতত প্রথমবাৰৰ বাবে ক’ৰোনা ৰোগীৰ ওপৰত প্লাজমা থেৰাপী প্রয়োগ কৰি  সফলতা লাভ কৰিছে৷ দক্ষিণ দিল্লীৰ চাকেট অঞ্চলত অৱস্থিত মেক্স হাস্পতালত এজন ৪৯ বছৰীয়া ক’ৰোনা আক্রান্ত ৰোগীৰ অৱস্থা বেয়াৰ ফালে ঢ়াল খোৱাৰ সময়তে তেওঁক প্লাজমা থেৰাপীৰে চিকিৎসা প্রদান কৰে৷ এই চিকিৎসাৰ পাছতে ৰোগীজন বর্তমান সুস্থ হোৱাৰ দিশে আগবাঢ়িছে৷ মেক্স হাস্পতালৰ এজন চিকিৎসকে জনোৱা মতে সংকটপূর্ণ অৱস্থাত চিকিৎসাধীন হোৱা এই  লোকজনক কালি ভেণ্টিলেটৰৰ পৰা উলিয়াই অনা হয়৷ বর্তমান তেওঁৰ অৱস্থাৰ উন্নতি ঘটিছে৷ চিকিৎসকজনৰ মতে, এজন প্রাপ্তবয়স্ক ৰোগীৰ তেজৰ পৰা সর্বাধিক ৮০০ মিলিলিটাৰ প্লাজমা ল’ব পৰা যায়৷ তিনি সপ্তাহ আগতে সুস্থ হৈ উঠা আন এজন ব্যক্তিৰ তেজ এই ৰোগাক্রান্ত ব্যক্তিজনক প্রদান কৰা হৈছিল৷ উল্লেখ্য যে বর্তমানলৈকে ক’ভিড–১৯ ভাইৰাছৰ কোনো প্রতিষেধক আৱিষ্কাৰ নোহোৱাৰ বাবে চিকিৎসকসকলে প্লাজমা থেৰাপীৰ ওপৰত ভৰসা কৰিবলগীয়া হৈছে৷ ভাৰতৰ পূর্বে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রতো প্লাজমা থেৰাপীৰ জৰিয়তে ক’ৰোনা ৰোগীৰ সফল চিকিৎসা কৰা হৈছে৷

You might also like