নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰখ্যাত কাৰ্টুনিষ্ট সুধীৰ ধৰৰ দেহাৱসান

নিউজডেস্ক, ২৭ নৱেম্বৰঃ দেশৰ প্ৰখ্যাত কাৰ্টুনিষ্ট সুধীৰ ধৰৰ ৮৭ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । দেশ-বিদেশৰ বিভিন্ন কাকতত কাৰ্টুন প্ৰকাশ কৰি খ্যাতি অৰ্জন কৰা ধৰৰ জন্ম হৈছিল এলাহাবাদত । অল ইণ্ডিয়া ৰেডিঅ’ত এগৰাকী ঘোষক ৰূপে কেৰিয়াৰ আৰম্ভ কৰা ধৰে ১৯৬১ চনৰ পৰা ‘দ্য ষ্টেটছমেন’ত কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়ায় । ইয়াৰ পাছতে ‘হিন্দুস্তান টাইমছ’ত যোগদান কৰি ধৰে দুটা দশক কাকতখনত ৰাজনৈতিক ব্যংগ অংকনেৰে খলকনি তুলিবলৈ সক্ষম হৈছিল । উল্লেখ্য যে নিউয়ৰ্ক টাইমছ, ৱাশ্বিংটন পোষ্ট, ছেটাৰ্ডে ৰিভিউ আদি আন্তৰ্জাতিক পত্ৰিকাতো এইগৰাকী প্ৰখ্যাত কাৰ্টুনিষ্টৰ সৃষ্টিকৰ্ম প্ৰকাশ পাইছিল ।

You might also like