নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী ধন-জন যোজনাৰ অধীনত ২০০ নিযুত মহিলাই লাভ কৰিব মাহে ৫০০ টকাকৈ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দেশৰ ২০০ নিযুত দুখীয়া মহিলাই প্ৰধানমন্ত্ৰী ধন-জন যোজনাৰ অধীনত আজিৰে পৰা তিনিমাহলৈ প্ৰতিমাহে ৫০০ টকাকৈ লাভ কৰিব বেংকযোগে । দেশজোৰা ২১দিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ঘোষণা কৰা অনুসৰি এই দুখীয়া মহিলাসকলক সকাহ দিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অলপতে কেন্দ্ৰই ঘোষণা কৰা প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত এই মহিলা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰথমটো কিস্তি হিচাপে ৫০০ টকা জমা হ’ব । অৱশ্যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ অধীনৰ সেৱাসমূহক গাইডলাইমন অনুসৰি এই নিৰ্দেশ দিয়া হৈছে যে সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত যাতে হিতাধিকাৰীসকলে বেংকৰ শাখাসমূহত শাৰী নাপাতে , সেই দিশটোত যাতে গুৰুত্ব ৰাখে ।

তিনি মাহ লাভ কৰিবলগীয়া এই বিশেষ অনুদানৰ প্ৰথম কিস্তিৰ ৫০০ টকা ৩ৰ পৰা ৯ এপ্ৰিলৰ ভিতৰত লাভ কৰিব । যিসকল হিতাধিকাৰীৰ একাউণ্ট নম্বৰৰ অন্তিম সংখ্যা ০ অথবা ১ তেওঁলোকে ৩ এপ্ৰিলত, যিসকলৰ একাউণ্টৰ অন্তিম সংখ্যা ২ অথবা ৩ তেওঁলোকে ৪ এপ্ৰিলত, একেদৰে ৪ বা ৫ সংখ্যাৰ হিতাধিকাৰীসকলে ৭ তাৰিখে লাভ কৰিব । একাউণ্টৰ অন্তিম সংখ্যা ৬ অথবা ৭ হ’লে ৮ এপ্ৰিলত আৰু একাউণ্টৰ অন্তিম সংখ্যা ৮ বা ৯ হ’লে অহা ৯ এপ্ৰিলত হিতাধিকাৰীসকলে তেওঁলোকৰ ধন লাভ কৰিব ।

You might also like