নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিস্থিতি স্বাভাৱিক হ’লেই আৰম্ভ হ’ব শিক্ষানুষ্ঠান

নিয়মীয়া বার্তা, ১১ মেঃ কেন্দ্রীয় মানৱ সম্পদ বিকাশ তথা শিক্ষামন্ত্রী ড০ ৰমেশ পোখৰিয়াল নিশাংকে মন্তব্য কৰিছে যে ক’ৰোনা ভাইৰাছৰ পৰিস্থিতি স্বাভাৱিক হ’লেই দেশত পুনৰ আৰম্ভ কৰা হ’ব শিক্ষানুষ্ঠানসমূহ৷ চৰকাৰ শিক্ষার্থীসকলৰ ভৱিষ্যতক লৈ অত্যন্ত দায়িত্বশীল বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা প্রতিষ্ঠানলৈ ছাত্র–ছাত্রীসকলে যাতে অনলাইন শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে প্রচেষ্টা গ্রহণ কৰিছে৷ তেওঁ আৰু কয় যে চৰকাৰে অনলাইন শিক্ষাৰ বাবে শিক্ষা সামগ্রী ছাত্র–ছাত্রীসকলক যোগান ধৰিছে৷ ইণ্টাৰনেটে ঢুকি নোপোৱা অঞ্চলসমূহত ৩২টা টিভি চেনেলৰ জৰিয়তে শিক্ষাদানৰ ব্যৱস্থা কৰিছে৷

You might also like