নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ দেওবাৰে উত্তৰ প্ৰদেশৰ কানপুৰ আৰক্ষী থানাত প্ৰেমিক যুগলৰ বিয়া সম্পন্ন কৰা হয় । এই বিয়াৰ সমষ্ট আয়োজন কৰে থানাখনৰ আৰক্ষীৰ বিষয়াসকলে ।
ঘটনা অনুসৰি, ৰাহুল আৰু নেইনা নামৰ একেঅঞ্চলৰে দুই যুৱক-যুৱতীহালে যোৱা ২ বছৰ পূৰ্বে প্ৰেমৰ বান্ধোনত বান্ধ খাইছিল । কিন্তু তেওঁলোকৰ পৰিয়ালে এই প্ৰেমক কেতিয়াও গ্ৰহণ কৰা নাছিল । যাৰ বাবে যোৱা বছৰ তেওঁলোকে পৰিয়ালৰ অজ্ঞাতে আইনী বিবাহ সম্পন্ন কৰে ।
কিন্তু এসপ্তাহ পূৰ্বে নেইনাৰ পৰিয়ালে তাইৰ বিবাহ আন এজন যুৱকৰ সৈতে ঠিক কৰে । তাৰ পাছতে দুদিন পূৰ্বে ৰাহুল আৰু নেইনা দুয়ো নিজ ঘৰ এৰি পলাই যায় ।
এই ঘটনাৰ পাছত নেইনাৰ দেউতাকে জুহী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে তেওঁলোকৰ মোবাইল ফোন ট্ৰেক কৰি তেওঁলোকক আটক কৰি থানালৈ লৈ আনে ।
ইফালে আৰক্ষীয়ে তেওঁলোকক প্ৰাৰম্ভিক তথ্যত সোধপোছ কৰাত সকলো ঘটনা পোহৰলৈ আহে আৰু দুয়োটা পৰিয়ালকে থানালৈ মাতি নি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক মানি ল’বলৈ বাধ্য কৰায় ।
আনহাতে দুয়োটা পৰিয়ালেই ৰাহুল আৰু নেইনাৰ প্ৰেমৰ সম্পৰ্কক মানি লোৱাত দেওবাৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি মাধ্যমেৰে আৰক্ষীৰ থানাৰ ভিতৰতে থকা মন্দিৰত তেওঁলোকৰ বিবাহ সম্পন্ন কৰে ।