নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচিৰ পূর্বে পৰিয়ালে লগ কৰিব পাৰিব চাৰি অপৰাধীক

তিহাৰ কাৰাগাৰ কর্তৃপক্ষই দিলে সুযোগ

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰীঃ নির্ভয়া ধর্ষণ গোচৰত দোষী সাব্যস্ত হোৱা চাৰি অপৰাধীক আগন্তুক ১ ফেব্রুৱাৰীৰ পুৱা ৬ বজাত তিহাৰ কাৰাগাৰত ফাঁচি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৷ কাৰাগাৰ কর্তৃপক্ষই এই চাৰি অপৰাধীক ফাঁচি দিয়াৰ পূর্বে এবাৰ পৰিয়ালৰ সদস্যসকলক লগ কৰাৰ অনুমতি দিছে৷ অর্থাৎ এক ফেব্রুৱাৰীৰ পূর্বে মৃত্যুদণ্ডৰ ৰায় লাভ কৰা বিনয় শর্মা, অক্ষয় কুমাৰ সিং, মুকেশ কুমাৰ সিং আৰু পৱন গুপ্তাৰ পৰিয়ালে চাৰিওজনক কাৰাগাৰত লগ কৰিব পাৰিব৷ উল্লেখনীয় যে তিহাৰৰ ৩ নম্বৰ কাৰাগাৰৰ সুকীয়া সুকীয়া কুঠৰীত ৰখা হৈছে চাৰিওজন অপৰাধী৷ কালি তিহাৰ জে’ল কর্তৃপক্ষই এই জাননী জাৰি কৰিছে যদিও চাৰিওজন অপৰাধীয়ে নিজৰ পৰিয়ালৰ সৈতে মিলিত হোৱাৰ ক্ষেত্রত কোনোধৰণৰ ইচ্ছা প্রকাশ কৰা নাই৷ ফাঁচিৰ পূর্বে কেতিয়া পৰিয়ালৰ সৈতে মিলিত হ’ব তাক লৈ চাৰিওজনৰে কাৰাগাৰ কর্তৃপক্ষই মতামত বিচাৰিছিল যদিও কোনেও এই সন্দর্ভত নিজৰ ইচ্ছাৰ কথা ব্যক্ত কৰা নাই৷

You might also like