নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো চুক্তি ঐতিহাসিকঃ প্ৰধানমন্ত্ৰীৰ অসমীয়া আৰু বড়ো ভাষাত টুইট

নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ অসমত যোৱা ১৫ বছৰ ধৰি অব্যাহত থকা বড়ো সমস্যাৰ সমাধান হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতত সোমাবাৰে বড়ো চুক্তিৰ সমাধানৰ কাৰণে চুক্তিত স্বাক্ষৰ কৰা হয়। যাৰ বাবে প্ৰধানমন্ত্ৰী নৰন্দ্ৰ মোডীয়ে টুইট কৰি কয় যে এইয়া বড়ো সকলৰ বাবে নতুন আৰম্ভণি। এই চুক্তিয়ে অসমত একতা বঢ়াব। বড়ো চুক্তিয়ে আকৌ এবাৰ সব কা সাথ সবকা বিশ্বাস আৰু সককা বিশ্বাসৰ শ্লগানক ৰূপায়িত কৰিছে। ইয়ে ভাৰতৰ শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাক মজবুত কৰিছে। লগতে ১৫০০ কেটি টকীয়া পেকেজৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে অসমীয়াতে উল্লেখ কৰিছে যে “বড়ো সংগঠনৰ সৈতে হোৱা বুজাবুজিয়ে অসমৰ অন্য সম্প্ৰদায়সমূহৰো স্বাৰ্থ সুৰক্ষিত কৰিব। ইয়াৰ ফলত সকলোৰে লগতে মানৱতাৰ জয় সম্ভৱ হৈছে। এই জয় আৰু ইয়াৰ বাবে কৰা প্ৰচেষ্টা ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ তথা ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মূলমন্ত্ৰেৰে প্ৰভাৱিত।”
“বড়ো সংগঠনৰ সৈতে হোৱা বুজাবুজিয়ে অসমৰ লগতে দেশৰ অন্য হিংসা প্ৰভাৱিত অঞ্চলসমূহলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। হিংসা আৰু ভয়ৰপৰা মুক্ত সুস্থ পৰিৱেশৰ মাজতহে দেশৰ প্ৰগতিক আগুৱাই নিব পাৰি। মই সুখী যে- এতিয়া শান্তিত চামিল হোৱা বড়ো ভাই-ভনীসকলে অসমৰ প্ৰগতিৰ যাত্ৰাক নতুন গতি দিব পাৰিব।”
“বাপুজীৰ এই পুণ্য তিথিত অসমত যোৱা ৫ দশক ধৰি চলি অহা বড়ো সমস্যাৰ সমাধান হৈছে। বড়ো সংগঠন আৰু চৰকাৰৰ মাজত হোৱা বুজাবুজিয়ে অসমৰ একতা, অখণ্ডতাক অধিক শক্তিশালী কৰিলে। হিংসা পৰিহাৰ কৰি গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ বাবে বড়ো সতীৰ্থসকলৰ সিদ্ধান্তক মই আদৰণি জনাইছোঁ।”

 

You might also like