নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনজুয়ে গংগোত্রীৰ হিমবাহলৈ মাতিছে বিপর্যয

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ হিমালয়ৰ গংগোত্রীৰ হিমবাহ গলনৰ ক্ষেত্রত ইন্ধন যোগাইছে সমগ্র অঞ্চলটোত চলি থকা উন্নয়নমূলক কাম–কাজে৷ ইয়াৰ উপৰি স্থানীয় তথা আঞ্চলিক স্তৰৰ লগতে হিমালয়ান অঞ্চলত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা প্রদূষণেও এই গংগোত্রীৰ হিমবাহ গলনত সহায় কৰিছে৷ অকল সেয়াই নহয়, প্রদূষণৰ বাবে ক’লা এঙাৰ অধিক পৰিমাণে মজুত হৈছে হিমালয়ান অঞ্চলত৷ বিগত কেইটামান বছৰত গংগোত্রী হিমবাহত এই এঙাৰৰ পৰিমাণ দুগুণলৈ বৃদ্ধি পাইছে৷ ইয়াৰ মূল কাৰণ হৈছে গংগোত্রীৰ সমীপৱর্তী অঞ্চলসমূহত বৃদ্ধি পোৱা বনজুই৷ শেহতীয়াকৈ উত্তৰাখণ্ডৰ ডেৰাডুনস্থিত ৱাডিয়া ইন্ষ্টিটিউট অৱ হিমালয়ান জি’লজীৰ তৰফৰ পৰা চলোৱা এক অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য৷ ৱাডিয়াৰ গৱেষণা গোটৰ বিজ্ঞানী পিএছ নেগীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি গংগোত্রী হিমবাহৰ দুটাকৈ বতৰ কেন্দ্রৰ পৰা দীর্ঘদিন ধৰি এঙাৰ মজুত হোৱা বিষয়টো নিৰীক্ষণ কৰা হৈছে৷ এই নিৰীক্ষণত বিগত কেইটামান বছৰৰ ভিতৰত বনজুইৰ বাবে হিমবাহত ক’লা আস্বাদনৰ পৰিমাণ অধিক ডাঠ হৈ পৰিছে বুলি মন্তব্য কৰে বিজ্ঞানীগৰাকীয়ে৷ এই ক’লা এঙাৰ মজুত হোৱাৰ মূল উৎস হিচাপে দেখিবলৈ পোৱা গৈছে বনজুই তথা ঘৰুৱা আৰু বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ হোৱা খৰিৰ জুই৷ ইয়াৰ উপৰি কৃষিক্ষেত্রৰ আৱর্জনা জ্বলোৱাৰ বাবেও গংগোত্রী হৈ পৰিছে প্রদূষিত৷ ইয়াৰ ফলত গংগোত্রীৰ হিমবাহ ধ্বংসৰ আশংকা অধিক ঘনীভূত হৈছে বুলিও নেগীয়ে উল্লেখ কৰিছে৷ স্মর্তব্য যে গোলকীয় উষ্ণতা বৃদ্ধিয়ে এতিয়া হিমালয়ৰ হিমবাহবোৰলৈ কঢ়িয়াই আনিছে ভাবুকি৷ আনকি অদূৰ ভৱিষ্যতে এই হিমবাহবোৰৰ গলনৰ ফলত ভাৰতকে ধৰি বিভিন্ন দেশত বিপর্যয় সৃষ্টি হ’ব বুলি বিজ্ঞানীসকলে সতর্কবাণী কৰিছে৷

You might also like