নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ওড়িশাৰ খনিজ সম্পদ সমৃদ্ধ জাজপুৰ জিলাত বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবেই প্রশাসনে বন্ধ ঘোষণা কৰিছে ৬০০ বিদ্যালয় ৷ অৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে বিগত সময়ছোৱাত জিলাখনত তাণ্ডৱ চলাই আহিছে ৷ শেহতীয়াকৈ জাকৰ পৰা ওলাই অহা এটা ১০ বছৰীয়া হাতীয়ে মানুহৰ ওপৰত আৰম্ভ কৰিছে আক্রমণ ৷ বৃহস্পতিবাৰে সন্ধিয়া জিলাখনত এই হাতীটোৰ আক্রমণত দুজন লোকে প্রাণ হেৰুওৱাৰ পিছতে প্রশাসনে জিলাখনৰ গ্রামাঞ্চলৰ শিক্ষানুষ্ঠানবোৰ বন্ধ ঘোষণা কৰিছে ৷ ৰাজ্যখনৰ বন বিভাগে এই হাতীটোক ধৰিবলৈ চেষ্টা চলাই আছে যদিও সফল হ’ব পৰা নাই ৷ পৰিণতিত এতিয়া সমগ্র জিলাখনৰ বাসিন্দাসকলে হাতীৰ আতংকত কটাব লগা হৈছে ৷