নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডৰ আন এক ৰত্নৰ চিৰবিদায়: কিংবদন্তি পৰিচালক বাসু চেটার্জীৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  ভাৰতীয় চলচ্চিত্র–দূৰদর্শন ধাৰাবাহিকৰ কিংবদন্তি নির্মাতা বাসু চেটার্জী আৰু নাই৷ কুৰি শতিকাৰ সত্তৰ দশকৰ পৰা একবিংশ শতিকালৈকে জনপ্রিয় চলচ্চিত্র–দূৰদর্শ ধাৰাবাহিকেৰে সাংস্কৃতিক জগতলৈ অভূতপূর্ব বৰঙণি আগবঢ়োৱা প্রসিদ্ধ নির্মাতা বাসু চেটার্জীয়ে  বৃহস্পতিবাৰে মুম্বাইৰ ছাণ্টাক্লুজৰ বাসভৱনত পৰলোকপ্রাপ্তি ঘটে৷

হিন্দী চলচ্চিত্রক নতুন ৰূপেৰে উজ্জীৱিত ৰজনীগন্ধা, ছিৎচোৰ, খট্টা মিঠা, বাটো বাটো মে’কে ধৰি অনেক কালজয়ী ছবিৰে দেশবাসীৰ হূদয় জিনা নির্মাতা চেটার্জীৰ ৯০ বছৰ বয়সত বিয়োগ ঘটাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ভাৰতীয় চলচ্চিত্রৰ লগতে সাংস্কৃতিক জগতৰ ৰথী–মহাৰথী শোকত ম্রিয়মাণ হৈ পৰে৷ কালজয়ী চলচ্চিত্রৰ উপৰি দূৰদর্শনত জনপ্রিয় ধাৰাবাহিক ব’মকেছ বক্সি আৰু ৰজনীৰ জৰিয়তে দেশৰ ঘৰে ঘৰে পৰিচিত হৈ পৰা নির্মাতা চেটার্জীয়ে আই আই এফ এৰ জীৱনজোৰা সাধনা বঁটাৰ উপৰি অনেক ৰাষ্ট্রীয় সন্মান বুটলিবলৈ সক্ষম হৈছিল৷ ১৯৩০ চনত জন্মলাভ কৰা বাসু চেটার্জীয়ে মুম্বাই (পূর্বৰ বোম্বাই)ৰ পৰা প্রকাশিত ব্লীজ নামৰ সাপ্তাহিক আলোচনীত ইলাষ্ট্রেটৰ আৰু কার্টুনিষ্ট হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে৷

১৮ বছৰ ধৰি ব্লীজৰ সৈতে জড়িত থাকি বাসু চেতার্জীয়ে পিছলৈ তেওঁৰ কেৰিয়াৰ সলনি কৰি চলচ্চিত্র জগতলৈ ঢ়াপলি মেলে৷ ১৯৮৬ চনত শ্ব’মেন ৰাজ কাপুৰ আৰু ৱাহিদা ৰহমান অভিনীত ‘তিছৰী কছম’ত বাসু চেটার্জীয়ে সহকাৰী পৰিচালক হিচাপে আত্মপ্রকাশ কৰে৷ এই ছবিখনে শ্রেষ্ঠ ছবিৰ ৰাষ্ট্রীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ ১৯৬৯ চনত ‘চাৰা আকাশ’ শীর্ষক চলচ্চিত্রৰে পৰিচালক হিচাপে বলীউডত প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় চেটার্জী৷ এই ছবিখনে ফ্লিমফেয়াৰৰ শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছিল৷

ইয়াৰ পিছতেই বলীউডৰ পৰিচালক নির্মাতা হিচাপে চেটার্জীৰ জয়যাত্রা আৰম্ভ হয়৷ তেওঁৰ জনপ্রিয় ছবিসমূহৰ ভিতৰত ‘ঔচ পাৰ’, ‘ছোটিছি বাট’, ‘ছিট চোৰ’, ‘ৰজনীগন্ধা’, ‘পিয়া কা ঘৰ’, ‘খট্টা মিঠা’, ‘চক্রব্যুহ’, ‘বাটো বাটো মে’, ‘প্রিয়তমা’, ‘মনপছন্দ’, ‘হামাৰী বহু অলকা’, ‘চৌকিন’ আৰু ‘ছামেলী কি ছাদী’ অন্যতম৷ ১৯৯৮ চনত চেটার্জীয়ে বাংলাদেশ আৰু ভাৰতৰ যৌথ প্রযোজনাত নির্মিত বাংলা ছবি ‘হঠাৎ বৃষ্টি’ নির্মাণ কৰে৷ এই ছবিখনত বাংলাদেশৰ ফিৰদৌছ আহমেদ, পশ্চিমবংগৰ প্রিয়কা ত্রিবেদী আৰু শ্রীলেখা মিত্রই অভিনয় কৰিছিল৷ তদুপৰি চেটার্জীয়ে অভিনয় শিল্পী ফিৰদৌছৰ সৈতে ভাৰতীয় বাংলা ছবি ‘চুপি চুপি’, ‘টোক জাল মিস্ত্রী’ আৰু ‘হঠাৎ সেদিন’ নির্মাণ কৰে৷ নয়িম ইমতিয়াজ নির্মূলৰ দ্বাৰা পৰিচালিত বাংলাদেশী ছবি ‘এক ছুপ ছা’ৰ চিত্রনাট্য ৰচনা কৰে চেটার্জীয়ে৷

লক্ষণীয় যে নির্মাতা চেটার্জীয়ে তাৰকা শিল্পীৰ দ্বাৰা এনে ছবি নির্মাণ কৰিছিল যে সেই শিল্পীসকলে কাহানিও তেনে ছবি নির্মাণ কৰা নাছিল৷ ইয়াৰে ভিতৰত মিঠুন চক্রৱর্তী আৰু মুন মুন সেন অভিনীত ‘চিচা’, মিঠুন–ৰতি অগ্ণিহোত্রী ‘চৌখিন’, বিনোদ মেহৰা–মৌচুমী চেটার্জী অভিনীত ‘ঔচ পাৰ’, জিতেন্দ্র–নিতু সিং অভিনীত ‘প্রিয়তমা’, দেৱানন্দ–টিনা মুনিম অভিনীত ‘মনপছন্দ’, ৰাজেশ খান্না–নিতু সিং অভিনীত ‘চক্রব্যুহ’, ধর্মেন্দ্র–হেমামালিনী অভিনীত ‘দিল্লেগী’, অমিতাভ বচ্চন অভিনীত ‘মঞ্জিল’ আদি বলীউডত চর্চিত চলচ্চিত্র৷ নির্মাতা চেটার্জী দশমসংখ্যক মস্কো আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ জুৰী সদস্য, ইণ্টাৰনেচনেল ফিল্ম এণ্ড টেলিভিছন ক্লাব অৱ দ্য এছিয়ান একাডেমী ফিল্ম এণ্ড টেলিভিছনৰ সদস্য আছিল৷ ২০০৭ চনত আই আই এফ এ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত চেটার্জীয়ে ১৯৭২ চনত চাৰা আকাশৰ বাবে ফিল্মফেয়াৰৰ শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা লাভ কৰিছিল, ১৯৭৫ চনত ৰজনীগন্ধাৰ বাবে ফিল্মফেয়াৰ সমালোচকৰ শ্রেষ্ঠ ছবি, ১৯৭৬ চনত ছোটি ছি বাটৰ বাবে ফিল্মফেয়াৰ শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা, ১৯৭৭ চনত স্বামীৰ বাবে ফিল্মফেয়াৰ শ্রেষ্ঠ নির্দেশকৰ বঁটা, ১৯৮০ চনত জিনা ইহা ছবিৰ বাবে ফিল্মফেয়াৰ শ্রেষ্ঠ ছবি সমালোচকৰ বঁটা, ১৯৯১ চনত কমলা কী মৌট ছবিৰ বাবে ফিল্মফেয়াৰ শ্রেষ্ঠ চিত্রনাট্য বঁটা, ১৯৯২ চনত দুর্গা ছবিয়ে লাভ কৰে পৰিয়াল কল্যাণমূলক শ্রেষ্ঠ ছবিৰ ৰাষ্ট্রীয় চলচ্চিত্র বঁটা৷ চলচ্চিত্র–দূৰদর্শ ধাৰাবাহিক নির্মাতা বাসু চেটার্জীৰ বিয়োগত অপূৰণীয় ক্ষতি হ’ল সাংস্কৃতিক জগতৰ৷

বৃহস্পতিবাৰে বিয়লি মুম্বাইৰ ছাণ্টাক্লুজ সমাধিস্থলীত প্রবীণ নির্মাতাগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ বলীউডৰ লগতে সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত পঞ্চভূতত বিলীন হয় চেটার্জীৰ নশ্বৰ দেহ৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে চেটার্জীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল–শুভাকাংক্ষীল্ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত প্রবীণ নির্মাতা–চিত্রনাট্যক চেটার্জীয়ে দুই কন্যা সোণালী ভট্টাচার্য আৰু ৰূপালী গুহক ইহসংসাৰত এৰি যায়৷ উল্লেখ্য যে ৰূপালী গুহ এগৰাকী চলচ্চিত্র নির্মাতা৷

You might also like