নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ আজি পুৱাই তামিলনাডুৰ তিৰুপতি জিলাৰ অবিনাশী চহৰৰ সমীপত কেৰালা ৰাজ্যিক পৰিবহন নিগমৰ এখন বাছ আৰু ট্ৰাক মাজত মুখামুখী সংঘৰ্ষ হয় । যাৰ ফলত ১৯ জন যাত্ৰী থিতাতে নিহত হয় । জানিব পৰা মতে দুৰ্ঘটনাত পতিত হোৱা বাছখন বাংগালুৰুৰ পৰা কেৰালাৰ এৰ্নাকুলমলৈ গৈ আছিল ।
উল্লেখ্য যে নিহত ১৯ জন যাত্ৰীৰ ভিতৰত ১৪ জন পুৰুষ আৰু ৫ গৰাকী মহিলা যাত্ৰী আছিল।