নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ পৰা দিল্লীলৈ বায়ুসেনাৰ চাইকেল ৰেলী

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ ১৯৭৭ চনত যোৰহাটত সংঘটিত টি ইউ-১২৪ দুৰ্ঘটনাত বলিদান দিয়া বায়ুসেনাৰ বীৰ যুদ্ধাসকলক স্মৰণ কৰি ‘এয়াৰ হেডকোৱাৰ্টাৰ কমিউনিকেঞ্চন স্কোৱাৰ্ডনে’ অসমৰ যোৰহাটস্থিত দুৰ্ঘটনাথলীৰ পৰা দিল্লীৰ পালম লৈকে এক চাইকেল ৰেলীৰ আয়োজন কৰে । যি প্ৰতীকিভাৱে বিমানৰ পথক সন্ধান কৰিছে ।

এই চাইকেল অভিযানত বায়ুসেনাৰ ‘এয়াৰ হেডকোৱাৰ্টাৰ কমিউনিকেঞ্চন স্কোৱাৰ্ডন’ৰ ১৩ জন বায়ুসেনাৰ যুদ্ধাই অংশ লৈছে । আনহাতে এই দলটোৱে ২৭ জানুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈকে মুঠ ১৭ দিনত ২৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব ।

ইপিনে এই চাইকেল অভিযানকাৰী দলটোক হেলিকপ্টাৰ পাইলট উইং কামাণ্ডাৰ ইৰফান ৱাহিদ খানে নেতৃত্ব দিছে । যোনে ৪৫০০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত উৰণ লৈছে ।

উল্লেখ্য যে এই অভিযানটো সোমবাৰে দুৰ্ঘটনাথলীৰ পৰা আৰম্ভ কৰা হয় । যোৰহাট বায়ুসেনা ঘাটিৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত দুৰ্ঘটনাথলীত বায়ুসেনাৰ বিষয়াসকলৰ উপস্থিতিত ফ্লেগ অফ কৰে এয়াৰ কামাণ্ডাৰ এম কে ঝায়ে ।

You might also like