নিয়মীয়া বাৰ্তা, ৪ মার্চঃ ২০১৪ চনৰ নির্বাচনত দাখিল কৰা শপতনামাৰ ভুল তথ্য দাখিল কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন হ’ব মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাভিছ৷ নাগপুৰস্থিত এগৰাকী অধিবক্তাই স্থানীয় আদালতত বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্রী ফাড়নাভিছে ২০১৪ চনৰ নির্বাচনৰ শপতনামাত তেওঁৰ বিৰুদ্ধে থকা অপৰাধজনিত গোচৰৰ কথা উল্লেখ কৰা নাছিল বুলি অভিযোগ তুলি আবেদন জনাইছিল৷ এই আবেদনৰ বিৰুদ্ধে প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল যদিও তেওঁৰ আবেদন খাৰিজ কৰে৷ পৰিণতিত তেওঁৰ বিৰুদ্ধে গোচৰৰ শুনানি চলিব নাগপুৰৰ আদালতত৷ ইতিমধ্যে আদালতে ফাড়নাভিছক হাজিৰ হ’বলৈ জাননী জাৰি কৰিছে৷