বিজয় মালিয়াই কিয় চৰকাৰৰ পৰা সহায় বিচাৰিছে
নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ ভাৰতৰ পৰা পলাই ইংলেণ্ডত থকা সুৰা সম্ৰাট বিজয় মালিয়াক সহায় লাগে ভাৰত চৰকাৰৰ পৰা। দেশত এতিয়া ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ২১ দিনীয়া লকডাউন চলি আছে। যাৰ পৰিপেক্ষিতত তেওঁৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰিছে। বিজয় মালিয়াই টুইট যোগে প্ৰকাশ কৰে যে চৰকাৰে নভাবাকৈ লকডাউন সমগ্ৰ দেশতে ঘোষণা কৰিলে। আমি মানি লৈছো। যাৰ ফলত মোৰ সকলো প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে। কৰ্মচাৰীসকলক ঘৰলৈ প্ৰেৰণ কৰিব পৰা নাই লগতে মজুৰীও দিব পৰা নাই। সেইবাবে চৰকাৰে মোক সহায় কৰিব লাগে।