নিয়মীয়া বাৰ্তা, ৭ মার্চঃ ঘাতক ক’ৰোনা ভাইৰাছে বিশ্ব অর্থনীতিত ভয়াৱহ প্রভাৱ পেলাই আছে ৷ ভাৰততো বিগত দুদিন ধৰি ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাত শ্বেয়াৰ বজাৰত অঘটন ঘটিছে ৷ শুকুৰবাৰে ষ্টক মার্কেটত অভাৱনীয় পতন ঘটাত বিনিয়োগকাৰীয়ে ৩.৮৫ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে ৷ বি এছ ই ছেনছেক্স আজি ৮৯৪ পইণ্ট তথা ২.৩২ শতাংশ নিম্নগামী হৈ ৩৭,৫৭৭ত বজাৰৰ সামৰণি পৰিছে ৷ তেনেদৰে এন এছ ই নিফ্টীও ২৮০ পইণ্ট তথা ২.৪৮ শতাংশ নিম্নগামী হৈ ১০,৯৮৯ত সমৰণি পৰিছে৷ বি এছ ই ছেনছেক্সৰ অধিক লোকচানৰ সন্মুখীন হোৱা কোম্পানীসমূহৰ ভিতৰত টাটা ষ্টীল, অ’ এন জি চি, বেংকিং খণ্ডৰ এছ বি আই, ইণ্ডাছইণ্ড বেংক, এইচ ডি এফ চি আৰু আই চি আই চি আই বেংকে ৬.৪৭ শতাংশ লোকচানৰ সন্মুখীন হৈছে৷ লক্ষণীয় যে শ্বেয়াৰ বজাৰ অঘটনত সর্বাধিক লোকচানৰ সন্মুখীন হৈছে বেংকিং খণ্ড৷ ইয়াৰ ভিতৰত য়েছ বেংকৰ শ্বেয়াৰ ৫৬ শতাংশ নিম্নগামী হৈ অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে৷ বজাৰ আৰম্ভণিতে য়েছ বেংকৰ শ্বেয়াৰ ৮৫ শতাংশলৈ নিম্নগামী হৈছিল যদিও বজাৰ সামৰণিত কিছু উন্নীত হ’লেও য়েছ বেংক অভাৱনীয় সংকটৰ সন্মুখীন হৈছে৷ এনেদৰে এন এছ ইৰ লোকচানৰ সন্মুখীন হোৱাৰ ভিতৰত ৰাজহুৱা খণ্ডৰ বেংক আৰু মিডিয়াৰ সর্বাধিক ক্ষতি হৈছে৷ শ্বেয়াৰ বজাৰত সংকটত পৰাৰ পূর্বে য়েছ বেংকক লৈ ৰিজার্ভ বেংকে কালি জমাকাৰীক কেৱল ৫০ হাজাৰ টকা উলিয়াবলৈহে অনুমতি দিয়াক লৈ বেংকটোৰ গ্রাহকৰ মাজত হাহাকাৰ লাগিছে৷ এই সন্দর্ভত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কেন্দ্রীয় চৰকাৰ আৰ বি আইৰ সৈতে অহৰহ সম্পর্কিত হৈ থকা বুলি উল্লেখ কৰি প্রতিগৰাকী জমাকাৰীৰ ধন সুৰক্ষিত বুলি প্রকাশ কৰিছে৷ মন্ত্রীগৰাকীয়ে কয় যে আৰ বি আয়ে চৰকাৰক এইবুলি নিশ্চিতি দিছে যে য়েছ বেংকৰ জমাকাৰীৰ কোনো লোকচান নহয় ৷