নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপর্যয় সৃষ্টি কৰিব পাৰে হিমালয়ৰ পাঁচ সহস্রাধিক হিমবাহে

গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দ্রুতগতিত গলিছে বৰফ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে হিমালয়ৰ পাঁচ সহস্রাধিক তুষাৰাবৃত জলাশয়লৈ নামি আহিছে বিপর্যয় ৷ শেহতীয়াকৈ এক গৱেষণাত পোহৰলৈ আহিছে যে ব্যাপক হাৰত হিমবাহৰ গলনৰ বাবেই সুউচ্চ হিমালয়ৰ এই জলাশয়বোৰত অত্যধিক পানী জমা হৈছে ৷ পৰিণতিত এই হিমবাহবোৰৰ প্রাকৃতিকভাৱে সৃষ্ট চাৰিসীমা খহি পৰাৰ আশংকাই দেখা দিছে ৷ ব্যাপক হাৰত বৰফৰ গলনৰ বাবেই এই হিমবাহবোৰে হিমালয়ৰ নামনি অঞ্চলত সৃষ্টি কৰিব পাৰে বিপর্যয় ৷ শেহতীয়াকৈ পোট্ছডাম বিশ্ববিদ্যালয়ৰ এদল গৱেষকে অধ্যয়ন চলাই লাভ কৰিছে এই তথ্য ৷ গোলকীয় উষ্ণতা বৃদ্ধিত প্রতিৰোধ লগাব নোৱাৰিলে ভৱিষ্যতে হিমালয়ৰ নামনি অঞ্চলত বানে সৃষ্টি কৰিব তাণ্ডৱ ৷ স্মর্তব্য যে এই গৱেষণাৰ তথ্য প্রকাশ পাইছে এক জার্নালত ৷ ইয়াৰ পূর্বেও যোৱা জুন মাহত কলম্বিয়া বিশ্ববিদ্যালয়ৰ এক গৱেষকৰ দলে বিগত দুটা দশকত হিমালয়ৰ হিমবাহৰ গলন দুগুণ হোৱা বুলি সতর্কবাণী কৰিছিল ৷

You might also like