বিমানবন্দৰত বোমা ৰখা আদিত্যৰ আত্মসমর্পণ
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ যোৱা সোমবাৰে মাংগালুৰু বিমান বন্দৰত বোমা সংস্থাপন কৰা ঘটনাত জড়িত থকা আদিত্য ৰাও নামৰ লোকজনে আজি আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছে৷ বাংগালুৰুৰ হালছুৰু আৰক্ষী থানাত কালি আত্মসমর্পণ কৰিছে ৰাৱে৷
উল্লেখনীয় যে আদিত্য ৰাও এই বোমা সংস্থাপনৰ ঘটনাত জড়িত হয় নে নাই, সেয়া নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে৷ কাৰণ ৰাওক এজন মানসিক বিকাৰগ্রস্ত ব্যক্তি বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ ইফালে বাংগালুৰু আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি তাৎক্ষণিকভাৱে আৰক্ষীৰ দল এটা বাংগালুৰুত উপস্থিত হোৱাৰ বাবে প্রস্তুতি চলাইছে৷
মাংগালুৰু আৰক্ষীয়ে তদন্ত চলোৱাৰ পাছতহে আদিত্য ৰাও এই ঘটনাত জড়িত হয় নে নাই সেয়া নিশ্চিত হ’ব৷