নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ বিমুদ্রাকৰণৰ গোচৰত অস্বস্তিত পৰিছে কেন্দ্রীয় চৰকাৰ৷ পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোট বাতিলৰ সিদ্ধান্তৰ সাংবিধানিক বৈধতা তথা তাৰ প্রক্রিয়াক লৈ গোচৰ চলি আছে উচ্চতম ন্যায়ালয়ত৷ যোৱা ৯ নৱেম্বৰৰ ভিতৰত এই সন্দর্ভত কেন্দ্রক শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছিল দেশৰ শীর্ষ আদালতখনে৷ কিন্তু উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ ক্ষেত্রত ব্যর্থ হয় চৰকাৰ পক্ষৰ আইনজীৱীসকল৷ ইয়াৰ পাছতে বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে শীর্ষ আদালতখনে৷ কেন্দ্রীয় চৰকাৰৰ এনে আচৰণ ‘অস্বস্তিকৰ’ বুলি অভিহিত কৰিছে উচ্চতম ন্যায়ালয়ে৷ লক্ষণীয়ভাৱে গোচৰটোৰ আগন্তুক শুনানি ২৪ নৱেম্বৰত গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে ন্যায়ালয়ে৷