নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত ক’ৰোনা আক্রান্ত লোকৰ তালিকাৰ নৱম স্থানত ভাৰত

নিয়মীয়া বাৰ্তা, ২৯ মেঃ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাৰে তুৰস্কক অতিক্রম কৰিলে ভাৰতে৷ ইয়াৰ লগে লগে ক’ৰোনা ভাইৰাছত আক্রান্তৰ তালিকাত বিশ্বৰ ভিতৰতে নৱম দেশ হিচাপে পৰিগণিত হ’ল ভাৰত৷ যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৭ হাজাৰৰো অধিক লোক আক্রান্ত হয়৷ শেহতীয়া পৰিসংখ্যা মতে ভাৰতত আক্রান্তৰ সংখ্যাই বিশ্বত ক’ৰোনা আক্রান্ত লোকৰ তালিকাৰ নৱম স্থানত ভাৰত ১.৬৫ লাখ অতিক্রম কৰিছে৷ ইফালে ক’ৰোনাৰ প্রথম উৎপত্তি হোৱা চীনতকৈ ভাৰতত এই ৰোগত মৃতকৰ সংখ্যা আজি বৃদ্ধি পালে৷

চীনত ৪,৬৩৪জনৰ মৃত্যু হোৱাৰ বিপৰীতে ভাৰতত আদি নিশা পর্যন্ত মৃত্যু হৈছে ৪,৬৯৫জনৰ৷ উল্লেখ্য যে চৰকাৰী তথ্য মতে, দেশখনত বর্তমান প্রায় ২৩ লাখ লোক কোৱাৰেণ্টাইনত আছে৷ ইয়াৰে মহাৰাষ্ট্র, গুজৰাটতে ১০ লাখৰো অধিক লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে৷ ইপিনে আক্রান্ত লোকৰ সংখ্যা ক্রমাগতভাবে বৃদ্ধি পোৱাৰ সময়তে কর্ণাটকে ৫খন ৰাজ্যৰ পৰা অহা বিমান, ৰে’ল আৰু যান–বাহনৰ ৰাজ্যখনত প্রৱেশ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে৷ ক’ভিড–১৯ৰ দ্রুত সংক্রমণ ঘটা মহাৰাষ্ট্র, গুজৰাট, তামিলনাডু, ৰাজস্থান আৰু মধ্যপ্রদেশৰ পৰা সম্প্রতি কোনো লোকক প্রৱেশ কৰিবলৈ নিদিয়াৰ কঠোৰ সিদ্ধান্ত লৈছে কর্ণাটক চৰকাৰে৷

মন কৰিবলগীয়া যে কেৰালাত মে’ মাহৰ মাজভাগলৈকে ক’ৰোনাৰ সংক্রমণ সম্পূর্ণ নিয়ন্ত্রিত অৱস্থাত আছিল যদিও শেহতীয়াকৈ দ্রুতগতিত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিড–১৯ প্রতিৰোধৰ বাবে গ্রহণ কৰা ব্যৱস্থাক লৈ কেৰালাৰ মুখ্যমন্ত্রী পি বিজয়ন আৰু স্বাস্থ্যমন্ত্রী শৈলজা উচ্চ প্রশংসিত হৈছিল৷ কিন্তু শেহতীয়াকৈ দেশৰ সামগ্রিক হাৰতকৈ অধিক দ্রুতগতিত ৰাজ্যখনত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশত আক্রান্তৰ সংখ্যা ১৪ দিনত দুগুণ হোৱাৰ বিপৰীতে কেৰালাত ১২ দিনতে দুগুণ হৈছে৷ এটা সপ্তাহত কেৰালাত ক’ৰোনা ৰোগীৰ সংখ্যা ৩০০জন বৃদ্ধি পাইছে৷

ক’ৰোনা আতংকৰ মাজতে উত্তৰ প্রদেশলৈ ঘূৰি অহা দুজন কমবয়সীয়া প্রব্রজনকাৰী শ্রমিকে আত্মহত্যা কৰাৰ বাতৰি আহিছে৷ জানিব পৰা মতে, দিল্লী আৰু মুম্বাইৰ পৰা ঘূৰি অহা শ্রমিক দুজনে তীব্র আর্থিক সংকটত ভুগিয়ে চৰম পথ বাছি লয়৷ প্রব্রজনকাৰী শ্রমিকসকলক লৈ অনাগত সময়ত সৃষ্টি হ’ব পৰা নতুন সমস্যাৰ এয়া এক আগজাননী বুলি ক’ব পাৰি৷ ইফালে ক’ৰোনাত প্রায় চাৰে ৫ লাখ লোক আক্রান্ত হোৱা মহাৰাষ্ট্রত এইপর্যন্ত ২ হাজাৰৰো অধিক আৰক্ষী ক’ভিড–১৯ পজিটিভ হিচাপে চিহ্ণিত হৈছে৷ আজি ইণ্ডিগ’ বিমানৰ কর্তৃপক্ষই প্রকাশ কৰা মতে সোমবাৰৰ পৰা তেওঁলোকৰ বিমানসেৱা আৰম্ভ হোৱাৰ পাছত ১২জন বিমানযাত্রী ক’ভিড–১৯ পজিটিভ হিচাপে ধৰা পৰিছে৷ চাৰিখন বিমানত এই যাত্রীকেইজনে ভ্রমণ কৰিছিল৷

You might also like