নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ চতুর্থ ধনী ব্যক্তি মুকেশ আম্বানি

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট:  বিশ্বৰ চতুর্থ ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছে ৰিলায়েঞ্চ উদ্যোগৰ অধ্যক্ষ মুকেশ আম্বানিয়ে৷ ইউৰোপৰ সবাতোকৈ ধনী ব্যক্তি বার্নাড আর্নল্টক চেৰ পেলাই তেওঁ চতুর্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ব্লুমবার্গ ইনডেস্কৰ তথ্য অনুসৰি ৰিলায়েঞ্চ উদ্যোগৰ অধ্যক্ষগৰাকীৰ বর্তমান সম্পত্তিৰ পৰিমাণ হৈছে ৮,০৬০ কোটি ডলাৰ৷ এইবর্ষত তেওঁৰ সম্পত্তি ২,২০০ কোটি ডলাৰ বৃদ্ধি পোৱাৰ পাছত ধনী ব্যক্তিৰ তালিকাত আম্বানিৰ স্থান উন্নীত হৈছে৷ দেশৰ সকলোতকৈ ধনী ব্যক্তি আম্বানিয়ে বিগত কেইবাটাও সপ্তাহত বিশ্বৰ আন কেইবাগৰাকীও ধনাঢ়্যক চেৰ পেলাবলৈ সক্ষম হৈছে৷ এইসকলৰ ভিতৰত হৈছে এলন মাক্স আৰু এলফার্বেট ইংকৰসহ প্রতিষ্ঠাপক চার্গে ব্রিন আৰু লেৰি পেজ৷

উল্লেখ্য যে যোৱা মার্চত ৰিলায়েঞ্চ উদ্যোগৰ ডিজিটেল খণ্ডই বৃহৎ পৰিমাণৰ বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ফেচবুক আৰু গুগলৰ দৰে বৃহৎ প্রতিষ্ঠানেও ৰিলায়েঞ্চ উদ্যোগত বিনিয়োগ কৰিছে৷ শেহতীয়াকৈ ক’ভিড–১৯ৰ বাবে সৃষ্টি হোৱা সামগ্রিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মুকেশ আম্বানিয়ে ই–বাণিজ্যিত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ যাৰ জৰিয়তে ভাৰতৰ ভিতৰত ৰিলায়েঞ্চে ডিজিটেল ব্যৱসায়ৰ ক্ষেত্রত দ্রুত বিকশিত প্রতিষ্ঠান হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে বিশ্বৰ ৫০০গৰাকী ধনাঢ়্য ব্যক্তিৰ ভিতৰত সর্বাধিক লোকচানৰ সন্মুখীন হৈছে ফ্রান্সৰ সবাতোকৈ ধনী ব্যক্তি বার্নাড আর্নল্ট৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ৮,০২০ কোটি ডলাৰৰ পৰা ২,৫১০ কোটি ডলাৰলৈ হ্রাস পাইছে৷

You might also like