নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ভিতৰতে অতি বিপজ্জনক দেশ পাকিস্তান

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ পৰমাণু অস্ত্র অসংযতভাৱে ৰখা পাকিস্তান বিশ্বৰ ভিতৰতে অতি বিপজ্জনক দেশ বুলি চৰকাৰখনক সমালোচনা কৰিছে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে৷ মার্কিন ৰাষ্ট্রপতি বাইডেনৰ এই মন্তব্যই মিত্র দেশ পাকিস্তানৰ চৰকাৰক অস্বস্তিত পেলাইছে৷ চীন আৰু ৰাছিয়াক লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ বিদেশী নীতি সন্দর্ভত আলোচনাৰ সময়ত ৰাষ্ট্রপতি বাইডেনে পাকিস্তান সন্দর্ভত এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফে সম্পর্ক অধিক উন্নত কৰাৰ বাবে প্রয়াস চলাই থকাৰ সময়তে মার্কিন ৰাষ্ট্রপতিৰ মন্তব্যই পাকিস্তানৰ নীতিত কুঠাৰাঘাত কৰিছে৷ মন কৰিবলগীয়া যে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রীয় সুৰক্ষা কৌশলৰ ৪৮ পৃষ্ঠা তথ্যত পাকিস্তানক লৈ কোনো প্রসংগ সন্নিৱিষ্ট হোৱা নাই৷

You might also like