নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিস্ফোৰক দিল্লীঃ হিংসাত নিহতৰ সংখ্যা ২০ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থক আৰু বিৰোধীৰ সংঘাতত ৰাজধানী চহৰখনৰ উত্তপ্ত হৈ পৰিছে । সোমবাৰে কা বিৰোধী আৰু সমর্থনকাৰীৰ মাজত হোৱা সংঘর্ষই বিস্তাৰ ৰূপ লৈ কালি পুনৰ ৰাজধানী চহৰখনৰ উত্তৰ–পূব অঞ্চলৰ কেইবাটাও অঞ্চলত হিংসাত্মক কার্যকলাপ সংঘটিত হয়৷

সোমবাৰৰে পৰা উত্তৰ–পূব দিল্লীৰ জাফ্রাবাদ, মৌজপুৰ–বাবৰপুৰ, গকুলপুৰী, জহৰী এনক্লেভ আৰু শিৱবিহাৰত ‘কা’ সমর্থনকাৰী আৰু বিৰোধীৰ মাজত হোৱা সংঘর্ষৰ ফলত ২৪ ঘণ্টাৰ ভিতৰতে ১৩জন লোকে প্রাণ হেৰুওৱাৰ লগতে ১৫০জন আহত হৈছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ অতিৰিক্ত চিআৰপিএফৰ কোম্পানী প্রেৰণ কৰিছিল যদিও অব্যাহত আছে হিংসাত্মক কার্যকলাপ৷ ভজনপুৰা, চান্দবাগ আৰু কাৰাৱাল নগৰত একাংশ লোকে লাঠী, ৰড লৈ জধেমধে আক্রমণ কৰাৰ লগতে দোকানত অগ্ণিসংযোগ কৰে৷

কালি মৌজপুৰত দুই ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাত নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠীচালনা কৰিবলগীয়া হয়৷ উত্তৰ–পূব দিল্লী জিলাৰ জাফ্রাবাদ, মৌজপুৰ–বাবৰপুৰ, গকুলপুৰী, জহৰী এনক্লেভ আৰু শিৱবিহাৰত পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ ৩৫টা অর্ধসামাৰিক বাহিনীক মোতায়েন কৰা হৈছে আৰু স্পর্শকাতৰ অঞ্চলসমূহত ১৪৪ ধাৰা বলৱৎ কৰাই নহয়৷ শেহতীয়া তথ্য মতে, দেখিলেই গুলী কৰাৰ নির্দেশ দিয়া হৈছে নিৰাপত্তা বাহিনীক৷ ইপিনে আজি কার্দমপুৰীত প্রতিবাদকাৰীয়ে মুকলিকৈ গুলীচালনা কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ এই অঞ্চলত প্রতিবাদকাৰীয়ে আৰক্ষী বাহিনীলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰিছে৷ লক্ষণীয় যে প্রতিবাদকাৰীৰ আক্রমণৰ লক্ষ্য হৈ পৰিছে সাংবাদিকো৷ প্রতিবাদকাৰীৰ গুলীচালনাত এগৰাকী সাংবাদিক আহত হৈছে৷ আহত সাংবাদিকগৰাকীক জিটিবি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ ভজনপুৰা চ’কত ‘কা’বিৰোধী আৰু ‘কা’ সমর্থনকাৰীৰ মাজত শিল নিক্ষেপৰ ঘটনা সংঘটিত হৈছে৷ দেশৰ ৰাজধানী দিল্লীতেই কালিৰে পৰা ‘কা’বিৰোধী আৰু ‘কা’ সমর্থনকাৰীৰ মাজত চলা সংঘর্ষক আৰক্ষীয়ে নিয়ন্ত্রণ কৰিব নোৱাৰাৰ ফলত পৰিস্থিতি অধিক জটিল হোৱাৰ পৰিপ্রেক্ষিতত আজি দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে৷ কালি টুইটযোগে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আহ্বান জনোৱা মুখ্যমন্ত্রী কেজৰিৱালে আজি গৃহমন্ত্রীগৰাকীক সাক্ষাৎ কৰি দিল্লীৰ পৰিস্থিতি নিয়ন্ত্রণ কিদৰে কৰিব পাৰি, তাক লৈ আলোচনাত মিলিত হয়৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক লগত হোৱা সাক্ষাৎ ফলপ্রসূ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী কেজৰিৱালে সংবাদ মেলযোগে সকলো পক্ষক সহিষ্ণুতা প্রদর্শন কৰি শান্তিৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ যিকোনো কাৰণতে সংঘর্ষত লিপ্ত নহওক কিয় প্রাণ হেৰুওৱাসকল দিল্লীৰেই, দেশৰেই৷ গতিকে হিংসা পৰিহাৰ কৰি আলোচনাৰ মাধ্যমেৰেহে সমস্যাৰ বাট মুকলি কৰিব পৰা যাব বুলি কয় কেজৰিৱালে৷ বৈঠকত আলোচনামর্মে দিল্লী আৰক্ষী আৰু ৰাজনৈতিক দলসমূহৰ সুসমন্বয় বর্তাই ৰাখি ৰাজ্যখনৰ পৰিস্থিতি ওভতাই অনাৰ ক্ষেত্রত শান্তি কমিটী গঠন কৰা হ’ব৷ আনপিনে দিল্লী আৰক্ষীৰ জনসংযোগকাৰী বিষয়া এম এছ ৰান্ধোৱাই প্রকাশ কৰা মতে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে সকলো পদক্ষেপ গ্রহণ কৰিছে৷ বিতর্কিত মন্তব্য কৰা বিজেপি নেতা কপিল মিশ্রৰ উচটনিমূলক বক্তব্যৰ তদন্ত চলাই থকা হৈছে৷ হিংসাত্মক কার্যকলাপ বিশেষকৈ অগ্ণিসংযোগৰ ঘটনা সন্দর্ভত ১১টা গোচৰ ৰুজু কৰা হৈছে৷ অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ ড্রোন ব্যৱহাৰ কৰা হৈছে৷ উল্লেখ্য যে কালি সংঘর্ষৰ সময়ত প্রাণ হেৰুওৱা দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতনলালৰ পত্নীলৈ শোকবার্তা প্রেৰণ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ আজি হেড কনিষ্টবল ৰতনলালৰ অন্ত্যেষ্টিক্রিয়া ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়৷

You might also like