নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত ভয়াবহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৫শিক্ষাৰ্থী

বাছচালকৰ অমনোযোগিতাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো

পাটনাঃ বিহাৰৰ পাটনাত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৫ শিক্ষাৰ্থীৰ। ঘটনা অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা প্ৰকাণ্ড পুখুৰীত সোমাই পৰাৰ পৰা ৰক্ষা পৰে স্কুল বাছখনৰ লগতে বাছখনত থকা ৫টি কণ কণ শিশু। উক্ত ঘটনাৰ পিছতে আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুকেইটাক। বাছখনৰ চালকৰ অমনোযোগিতাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।