নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীক তীব্র প্রত্যাহ্বান কেজৰিৱালৰ

বিনামূলীয়া সামগ্রী যোগান অর্থনীতিৰ বাবে ভাল

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ পূর্বে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে জনসাধাৰণৰ মাজত বিনামূলীয়াকৈ পানী বিতৰণ কৰাৰ উপৰি মাচুলবিহীনভাৱে বিদ্যুৎ যোগানৰ সিদ্ধান্ত লোৱা বিষয়ক লৈ বিৰোধী পক্ষই তীব্র সমালোচনা কৰি থকাৰ সময়তে কেজৰিৱালে শুকুৰবাৰে ইয়াৰ প্রত্যুত্তৰ দিছে ৷ উল্লেখনীয় যে বিজেপি নেতা মনোজ তিৱাৰীয়ে বিনামূলীয়া বিদ্যুৎ আৰু পানীয়ে আপক ৰক্ষা নকৰে বুলি কালি মন্তব্য কৰিছিল ৷ শুকুৰবাৰে কেজৰিৱালে উল্লেখ কৰিছে যে বিনামূলীয়াকৈ জনসাধাৰণক সীমিত পৰিমাণে কিবা যোগান ধৰাটো অর্থনীতিৰ বাবে ভাল ৷ ইয়াৰ জৰিয়তে দুখীয়া জনসাধাৰণৰ হাতলৈ অধিক ধন অহাৰ সুযোগ দিয়ে ৷ অৱশ্যে বিনামূলীয়াকৈ সামগ্রী যোগান ধৰাৰ নামত কোনোধৰণৰ কৰ আৰোপ কৰা উচিত নহয় আৰু ই বাজেটৰ ঘাটি যাতে কৰিব নোৱাৰে তাক নজৰ দিয়া প্রয়োজন বুলি কেজৰিৱালে মন্তব্য কৰে ৷ কেজৰিৱালৰ মতে, দিল্লীত আপ চৰকাৰে পানী আৰু বিদ্যুৎ যোগানৰ বাবে যি নীতি গ্রহণ কৰিছে তাৰ দ্বাৰা দুখীয়া লোকসকল অধিক উপকৃত হ’ব ৷ গতিকে ইয়াক লৈ বিজেপি বা অন্য বিৰোধী দলসমূহে চৰকাৰক সমালোচনা কৰাৰ যুক্তি নাই বুলিও উল্লেখ কৰিছে কেজৰিৱালে৷ আগন্তুক নির্বাচনৰ পূর্বে কেজৰিৱালক সমালোচনা কৰিবলৈ গৈ বাৰে বাৰে সমস্যাত পৰিছে বিৰোধী দলবোৰ ৷

You might also like