নিয়মীয়া বার্তা, ১৮ মেঃ ক’ভিড–১৯ৰ বাবে বিশ্ব স্তব্ধ হৈ থকাৰ সময়তে প্রকৃতিৰ ৰহস্য নতুনকৈ উদ্ভাসিত হৈ অভিলেখ গঢ়িলে৷ বিজ্ঞানীয়ে পৃথিৱীৰ বুকুত আৱিষ্কাৰ কৰিলে বৃহত্তম আগ্নেয়গিৰি৷ বিশ্বৰ বৃহত্তম আগ্নেয়গিৰি ‘মৌনা লোৱা’তকৈ দুগুণ বৃহৎ নতুনকৈ আৱিষ্কাৰ হোৱা আগ্ণেয়গিৰিটো৷ পূর্বৰ বৃহত্তম আগ্নেয়গিৰিৰ অভিলেখ ভংগকাৰী নতুনকৈ আৱিষ্কাৰ হোৱা আগ্ণেয়গিৰিৰ নাম হৈছে ‘পুহাহ’নু’৷
আগ্নেয়গিৰিৰ হটস্পট হিচাপে চর্চিত হাৱাই দ্বীপপুঞ্জত বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা বৃহত্তম আগ্নেয়গিৰি পুহাহ’নুৰ অর্থ হৈছে ‘উশাহৰ বাবে উঠি অহা কাছ’৷ গৱেষণাৰ নেতৃত্ব দিয়া মাইকেল গার্ছিয়াই প্রকাশ কৰা মতে, নতুনকৈ আৱিষৃকত বৃহত্তম আগ্নেয়গিৰি পুহাহ’নুৱে পূর্বৰ পাঠ্যপুথি নতুনকৈ লিখিবলৈ বাধ্য কৰিলে৷
ইতিমধ্যে পুহাহ’নুৰ সন্দর্ভত বিজ্ঞানীসকলে আন্তর্জাতিক বিজ্ঞান সমুদায়ৰ সৈতে আলোচনা কৰিছে৷ হাৱাই দ্বীপপুঞ্জৰ উত্তৰ–পশ্চিম প্রান্তৰ গার্ডেনাৰ পিনাকুল (পুহাহ’নু)ত সাগৰৰ গভীৰ অঞ্চলত অৱস্থিত৷ আগ্নেয়গিৰিৰ দুটি মূৰ কেৱল পানীৰ ওপৰত ওলাই থকাৰ বিপৰীতে বাকীখিনি পানীৰ তলতে আছে৷ দুটা প্রকাণ্ড শিলাখণ্ডৰ মাজত ছাদৰ দৰে দেখি এই আগ্নেয়গিৰি৷ মহাসাগৰৰ বুকুত ২৪০৫৯/ ৫৬// এন ১৬৭০ ৫৯/৫৮// ডব্লিউত অৱস্থিত৷ মহাসাগৰৰ বুকুত আশ্চর্যকাৰী বিশ্বৰ বৃহত্তম আগ্নেয়গিৰিক লৈ বিজ্ঞানী মহলতো ব্যাপক চর্চা আৰম্ভ হৈছে৷