নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভগৱান ৰাম মুছলমানসকলৰ বাবেও সমানেই সন্মানীয় ব্যক্তিত্বঃ ৰামদেৱ

বাবা ৰামদেৱৰ বিতৰ্কিত মন্তব্য ভাৰতৰ ৯৯ শতাংশ মুছলমান ধৰ্মান্তৰিত

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ গোচৰ আৰু অযোধ্যাত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ সন্দৰ্ভত ইণ্ডিয়া টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যোগগুৰু বাবা ৰামদেৱে বিতৰ্কিত মন্তব্য কৰে যে তেওঁৰ বিশ্বাস ভাৰতৰ ৯৯ শতাংশ মুছলমান ধৰ্মান্তৰিত । ভগৱান ৰাম, হিন্দু আৰু অযোধ্যাৰ সংযোগ সন্দৰ্ভত হোৱা কথা-বতৰাত ৰামদেৱে কয় – ‘কেৱল হিন্দুৱেই নহয়, ভগৱান ৰাম মুছলমানসকলৰ বাবেও সমানেই সন্মানীয় ব্যক্তিত্ব । মোৰ বিশ্বাস ভাৰতৰ ৯৯ শতাংশ মুছলমান ধৰ্মান্তৰিত । ‘ অযোধ্যা গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দান সন্দৰ্ভত বাবা ৰামদেৱে কয় যে, অযোধ্যাৰ বিবদমান স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ পথ সুগম হৈছে । ৰামমন্দিৰ ভাৰতীয় হিন্দুৰ এটা সপোন । ই আমাৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰে ।

You might also like