নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক নেতৃত্ব দিয়া বংগত এতিয়া ‘গুণ্ডাৰাজ’

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত উত্তাল হৈ থকা পশ্চিমবংগত   কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মমতা বেনার্জী চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে এসময়ত পশ্চিমবংগ আছিল ভাৰতৰ নেতৃত্বত, এতিয়া ৰাজ্যখনত চলি আছে ‘গুণ্ডাৰাজ’৷

ঝাৰগ্রামত এক সমাৱেশত অংশগ্রহণ কৰি শ্বাহে কয় যে পশ্চিমবংগ এসময়ত শিক্ষাৰ কেন্দ্র আছিল৷ স্বাধীনতা সংগ্রামী, ধর্মীয় নেতৃত্বৰ লগতে সকলো দিশতে পশ্চিমবংগ ভাৰতৰ শীর্ষত আছিল বুলিও মন্তব্য কৰে শ্বাহে৷ একেখন পশ্চিমবংগই তৃণমূল কংগ্রেছৰ শাসনত গুণ্ডাৰাজ চলি থকা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে৷

স্মর্তব্য যে বিজেপি ক্ষমতালৈ আহিয়েই ঝাৰগ্রামত পণ্ডিত ৰঘুনাথ মুর্মূ জনজাতি বিশ্ববিদ্যালয় স্থাপন কৰি জনজাতীয় শিক্ষার্থীসকলক উচ্চ শিক্ষাৰ সুযোগ দিয়া বুলিও উল্লেখ কৰে শ্বাহে৷ বিগত ১০ বছৰত মমতাৰ নেতৃত্বত পশ্চিমবংগত কেৱল দুর্নীতি, ৰাজনৈতিক সংঘর্ষ, ধর্মীয় মেৰুকৰণ আদি জনসাধাৰণে দেখিবলৈ পালে বুলিও মমতা চৰকাৰক কটাক্ষ কৰে নেতাগৰাকীয়ে৷

You might also like