ভাৰতত অনুপ্রৱেশৰ বাবে সীমান্তত সষ্টম ৩০০ পাক সন্ত্রাসবাদী
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ মাৰাত্মক ক’ভিড–১৯ৰ সংক্রমণে বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰা সময়তো ভাৰতবিৰোধী কূটাঘাতৰ বাবে সষ্টম হৈ আছে প্রতিবেশী বৈৰী ৰাষ্ট্র পাকিস্তান৷ শেহতীয়াকৈ পাক অধিকৃত কাশ্মীৰৰ পৰা ভাৰতত প্রৱেশৰ বাবে প্রচেষ্টা চলাই আছে ৩০০ সন্ত্রাসবাদীয়ে৷ নিয়ন্ত্রণ ৰেখাৰ সিপাৰে পাক অধিকৃত কাশ্মীৰত দেশখনৰ সাহায্যত প্রশিক্ষণপ্রাপ্ত এই ৩০০ সন্ত্রাসবাদীয়ে খাপ পিটি থকা বুলি ভাৰতীয় সেনাই সদৰী কৰিছে৷ অৱশ্যে এই সন্ত্রাসবাদীবোৰৰ ভাৰতত প্রৱেশ ব্যর্থ কৰা হ’ব বুলি ঘোষণা কৰিছে স্থলসেনাই৷ লেফটেনেণ্ট জেনেৰেল বি এছ ৰাজুৱে নিয়ন্ত্রণ ৰেখাত ইতিমধ্যে স্থলসেনাক সন্ত্রাসবাদীৰ অনুপ্রৱেশ ব্যর্থ কৰাৰ বাবে সষ্টম কৰা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷ স্মর্তব্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ সুযোগ লৈ পাকিস্তানে কাশ্মীৰ উপত্যকালৈ এই সন্ত্রাসবাদীবোৰ প্রেৰণৰ প্রচেষ্টা চলাইছে৷ ইতিমধ্যে এই সন্ত্রাসবাদীবোৰৰ মাজত গৰিষ্ঠসংখ্যকেই হিজবুল মুজাহিদীন আৰু লস্কৰ–ই–তৈবাৰ আত্মঘাতী থকা বুলি ভাৰতীয় চোৰাংচোৱাই লাভ কৰিছে তথ্য৷ পূর্বৰে পৰা পাক চোৰাংচোৱা সংস্থা আইএছআয়ে ভাৰতবিৰোধী কূটাঘাতৰ বাবে সন্ত্রাসবাদী সংগঠনক সহায় কৰি আহিছে৷