নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্রৱেশৰ সুযোগৰ অপেক্ষাত ৩০০ পাকিস্তানী সন্ত্রাসবাদী

কাশ্মীৰত হাই এলার্ট জাৰি

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ অহা ২৬ জানুৱাৰীত গণতন্ত্র দিৱসৰ প্রাক্মুহূর্তত ভাৰতত কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ লক্ষ্যৰে সাজু হৈছে পাকিস্তান সমর্থিত সন্ত্রাসবাদী ৷ সেনাৰ সূত্রই সদৰী কৰা মতে পাকিস্তান অধিকৃত কাশ্মীৰেদি ৩০০ সন্ত্রাসবাদী ভাৰতত প্রৱেশৰ সুযোগৰ অপেক্ষাত আছে ৷ এই তথ্য লাভ কৰাৰ লগে লগে সেনাবাহিনীয়ে জম্মু–কাশ্মীৰত হাই এলার্ট জাৰি কৰিছে৷ পি’কেৰ লন্স পেডত পাকিস্তানী সেনাই সাজু কৰি ৰাখিছে এই বৃহৎসংখ্যক সন্ত্রাসবাদীক৷ সেনাৰ সূত্রই আৰু জানিবলৈ দিয়া মতে ৬০জনতকৈও অধিক আফগান সন্ত্রাসবাদী এই দলটোৰ ভিতৰত আছে৷ জম্মু–কাশ্মীৰত পাক আইএছআয়ে ড্রোনেৰে আক্রমণ কৰাৰ ইংগিত লাভ কৰি সমগ্র উপত্যকাটোত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷

You might also like