নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্রৱেশ কৰা দুই কোটি বাংলাদেশী মুছলমানক আৰু থাকিবলৈ দিয়া নহ’ব !

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ দেশজুৰি নাগৰিকত্ব সংশোধনী আইন (কা) আৰু এন আৰ চি বিৰোধী বিক্ষোভৰ মাজতে পশ্চিমবংগৰ বিজেপি প্রধান দিলীপ ঘোষৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ।

মঙলবাৰে ঘোষে এক সভাত কয়- যি দুই কোটি বাংলাদেশী মুছলমান অনুপ্রৱেশকাৰী ভাৰতত ইতিমধ্যে আছে, তেওঁলোকক আৰু ভাৰতত থাকিবলৈ দিয়া নহ’ব । লগতে তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, তেন্তে শীঘ্ৰে তাৰ পৰা নামসমূহ আঁতৰাই দিয়া হ’ব ।

ইপিনে এই সভাতে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰোধিতা কৰি অহা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে- প্ৰথমতে মুছলমান অনুপ্রৱেশকাৰীসকলৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা হ’ব, তেতিয়া দিদিয়ে কাকো সন্তুষ্ট কৰিব নোৱাৰিব । লগতে তেওঁ কয়- যেতিয়া এই অনুপ্ৰৱেশকাৰীসকলৰ নাম আঁতৰোৱা হ’ব তেতিয়া ২০২১ ত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে ৫০ খনো আসন লাভ কৰিবলৈ সক্ষম নহ’ব ।

You might also like