নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ক’ভিড–১৯ৰ নমুনা পৰীক্ষাৰ বাবে প্রয়োজনীয় ৰেপিড টেষ্ট কিট (আৰটিকে) উৎপাদনৰ কাম আৰম্ভ কৰিছে ভাৰতৰ দুটাকৈ সংস্থাই ৷ এই প্রতিষ্ঠান দুটা হ’ল কেৰালাৰ এইচএলএল লাইফ কেয়াৰ লিমিটেড আৰু গুজৰাটৰ ভোস্কটুৰ বায়ু লিমিটেড ৷ উল্লেখ্য যে উক্ত দুটা প্রতিষ্ঠানৰ লগতে নতুন দিল্লীৰ মোহৰা ডায়েগন’ষ্টিককো আৰটিকে প্রস্তুতৰ অনুজ্ঞাপত্র প্রদান কৰা হৈছে ৷ ভাৰতে চীনৰ উপৰি ইজৰাইল আৰু দক্ষিণ কোৰিয়াৰ পৰা আৰটিকে ক্রয় কৰি আহিছে যদিও দেশত উৎপাদন কার্য আৰম্ভ হোৱাটো গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে৷ সম্প্রতি সমগ্র দেশতে দ্রুতহাৰত ক’ভিড–১৯ৰ সংক্রমণ অব্যাহত আছে৷ যাৰ বাবে প্রয়োজনীয়তা বৃদ্ধি হৈছে আৰটিকেৰ৷ কিয়নো ৰিভার্ছ ট্রান্সক্রিপচন পলিমেৰেজ চেইন ৰিয়েকচন টেষ্ট (আৰটি–পিচিআৰ)ৰ মাধ্যমেৰে নমুনা পৰীক্ষা কৰোঁতে প্রায় ৫ ঘণ্টা সময়ৰ প্রয়োজন হয়৷ ইয়াৰ বিপৰীতে আৰটিকে ব্যৱহাৰৰ ফলত প্রায় ৩০ মিনিটৰ ভিতৰতে ফলাফল লাভ কৰিব পৰা যায় ৷