ভাৰতীয়ৰ বাবে ভিছাৰ ম্যাদ ৩১মে’লৈ বৃদ্ধি গ্ৰেট ব্ৰিটেইনৰ
নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ প্ৰাণঘাটী ক’ভিড-১৯এ বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত আন্তৰ্জাতিক বিমান সেৱা বন্ধ হোৱাৰ কাৰণে ব্ৰিটেইনত আৱদ্ধ বিদেশী নাগৰিকসকলক ভিছাৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিছে দেশখনৰ চৰকাৰে। মহামাৰী ভাইৰাছত আক্ৰান্ত ব্ৰিটেনৰ চৰকাৰে যোৱা ২৪ জানুৱাৰীত ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো বিমান সেৱা ব্যাহত হোৱাৰ বাবে স্বদেশলৈ উভটি যাব নোৱাৰা সকলো বিদেশী নাগৰিকৰ ভিছাৰ ম্যাদ ৩১মে’লৈ সম্প্ৰসাৰণ কৰিছে। দেশখনৰ গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশমতে ভাৰতীয়কে ধৰি যিকোনো বিদেশী নাগৰিকৰ ভিছাৰ ম্যাদ উকলি গ’লেও দেশখনত থাকিব পাৰিব আৰু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়। ভাৰতীয় বংশোদ্ভৱ গৃহমন্ত্ৰী প্ৰীতি পেটেলে প্ৰকাশ কৰা মতে বিদেশী নাগৰিকসকলৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰি তেনে লোকৰ মনৰ মাজত চলি থকা অস্থিৰতা দূৰ কৰা হৈছে আৰু যাতে তেওঁলোকে তেওঁলোকৰ কামত মনোনিৱেশ কৰিব পাৰে তাক নিশ্চিত কৰা হৈছে। প্ৰথম পৰ্যায়ত ৩১ মে’লৈ এই সম্প্ৰসাৰণ চলিব যদিও পাছলৈ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সেয়া পুনৰ বিবেচনা কৰা হ’ৱ বুলিও কয় মন্ত্ৰীগৰাকীয়ে।