নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বায়ুসেনাৰ সাহসী পাইলট আছিল কেপ্টেইন সাথে

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: ক’ঝিকোড় বিমানবন্দৰত কালিৰ দুর্ঘটনাটোৰ পূর্বে ২৭বাৰ অৱতৰণ কৰিছিল কেপ্ঢেইন সাথেই৷ এবাৰো তেওঁ ৰানৱে সন্দর্ভত বিৰূপ মন্তব্য কৰা নাছিল৷ তেওঁ আছিল ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ৷ ২০০৫ চনত তেওঁ বায়ুসেনাৰ পৰা অৱসৰ লৈ কমার্চিয়েল পাইলট হিচাপে এয়াৰ ইণ্ডিয়াত যোগদান কৰিছিল৷ ১৯৮০ চনত এনডিএৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হোৱা সাথেৰ ৩৬ বছৰ উৰণৰ অভিজ্ঞতা আছিল৷ বায়ুসেনাত তেওঁ মুঠ ২১ বছৰ সেৱা আগবঢ়ায়৷ কার্গিল যুদ্ধত অংশ লৈ মিগ–২১ৰ পাইলটজনে ‘স্বর্ড অৱ অ’নাৰ’ সন্মানো লাভ কৰিছিল৷ উল্লেখ্য যে নাগপুৰৰ বাসিন্দা সাথেৰ পিতৃ হ’ল ভাৰতীয় সেনাৰ অৱসৰপ্রাপ্ত ব্রিগেডিয়াৰ৷ তেওঁৰ এজন ভাতৃ কেপ্ঢেইন বিকাশো আছিল এজন সেনা বিষয়া৷ জম্মু–কাশ্মীৰত এক সংঘর্ষত তেওঁৰ মৃত্যু হৈছিল৷ নাগপুৰৰ বাসিন্দা সাথেই পত্নীসহ দুই পুত্রক এৰি থৈ যায়৷

You might also like