নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ গাহৰি আমদানিত নিষেধাজ্ঞা চীনৰ

নিয়মীয়া বাৰ্তা,৩০ মেঃ অসমত দেখা দিয়া আফ্রিকান ছোৱাইন ফিভাৰৰ দোহাই দি ভাৰতৰ পৰা গাহৰি আমদানিত নিষেধাজ্ঞা জাৰি কৰিলে ৰঙা চীনে৷ চৰকাৰীভাৱে ড্রেগনৰ দেশখনে ভাৰতৰ গাহৰি আমদানি বন্ধ কৰাৰ এই কাৰণ জাৰি কৰিছে যদিও দেশখন তথা চীনৰ শাসক কমিউনিষ্ট পার্টী পৰিচালিত বাতৰিকাকত গ্লোবেল টাইমছৰ বাতৰি অনুসৰি ভাৰত আৰু চীনৰ মাজত সীমা বিবাদক কেন্দ্র কৰি চলি থকা অস্থিৰতাৰ পৰিণামস্বৰূপেই বেইজিঙে ভাৰতক একপ্রকাৰ শাস্তি দিবলৈহে এই কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ মন কৰিবলগীয়া যে চীনৰ কৃষি আৰু গ্রামোন্নয়ন মন্ত্রালয়ক আৰু সীমা শুল্ক বিভাগে কালি জাৰি কৰা যুটীয়া জাননীত কোৱা হৈছে যে চীনৰ পশুপালন উদ্যোগৰ সুৰক্ষাৰ কথা বিবেচনা কৰি আফ্রিকান ছোৱাইন ফিভাৰত আক্রান্ত ভাৰতৰ গাহৰি আমদানি কৰাত নিষেধাজ্ঞা জাৰি কৰা হ’ল৷ পিছে গ্লোবেল টাইমছে স্পষ্ট কৰি দিছে যে দুয়ো দেশৰ সীমান্তত থকা গলান ভেলী অঞ্চলত বিৰাজমান উত্তেজনাৰ পৰিপ্রেক্ষিতত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

You might also like