নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ পৰা নেপাললৈ পলায়ন ৰহিংগ্যাৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ভাৰতত থকা ৰহিংগ্যা শৰণার্থীয়ে নেপাললৈ প্রব্রজনৰ বাবে জেহাদী সংগঠনৰ পৰা পুঁজি লাভ কৰিছে৷ শেহতীয়াকৈ চোৰাংচোৱা সংস্থাসমূহে এই তথ্য সদৰী কৰিছে৷ চোৰাংচোৱাৰ এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি শেহতীয়াকৈ ৩৭৮ গৰাকী ৰহিংগ্যা লোকে ভাৰতৰ পৰা নেপালত গৈ প্রৱেশ কৰিছে৷ এই লোকসকলৰ সম্পর্ক আছে কেইবাটাও নির্মাণ সংস্থাৰ সৈতে৷

আনকি এই নির্মাণ সংস্থাৰ একাংশ মধ্যভোগীৰ জৰিয়তে ৰহিংগ্যা লোকসকলে নেপালত ভূমি ক্রয়ৰ সুবিধাও লাভ কৰিছে৷ হিমালয়ান অঞ্চলত ৰহিংগ্যাসকলে নতুনকৈ বসতি স্থাপন কৰিবলৈ লৈছে৷ ইতিমধ্যে চোৰাংচোৱাই কেন্দ্রীয় গৃহ মন্ত্রালয়লৈ এই বিষয়টো সন্দর্ভত সবিশেষ তথ্য সন্নিৱিষ্ট কৰি প্রতিবেদন প্রেৰণ কৰিছে৷ ৰহিংগ্যা লোকসকলে জেহাদী সংগঠনৰ পৰা ধন লাভ কৰি সেই ধন আদায় দিছে নির্মাণ সংস্থাৰ মধ্যভোগীসকলক৷ গতিকে সমগ্র বিষয়টোক কেন্দ্র কৰি এতিয়া সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like