ভাৰত ভ্ৰমণকালত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দৰ্শন কৰিব সবৰমতী ৰিভাৰফ্ৰণ্ট
নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ ফেব্রুৱাৰী মাহত ভাৰত ভ্রমণ কৰিবলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে দর্শন কৰিব গুজৰাটৰ সবৰমতী ৰিভাৰফ্রণ্ট৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী বিজয় ৰূপানিয়ে কালি এই মন্তব্য কৰিছে৷ উত্তৰ দিল্লীৰ শাস্ত্রী নগৰত এখন নির্বাচনী সভাত সম্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে এই তথ্য সদৰী কৰে৷ তেওঁ কয়– ‘সমগ্র এছিয়াৰ ভিতৰতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ তত্ত্বাৱধানত সবৰমতী স্বচ্ছ নদী হিচাপে পৰিগণিত হৈছে৷ জাপান আৰু ইজৰাইলৰ প্রধানমন্ত্রীৰ দৰে বিশিষ্ট ব্যক্তিয়ে এই নদী দর্শন কৰি অভিভূত হৈ পৰিছিল৷ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ফেব্রুৱাৰীত ভাৰতলৈ আহিব আৰু তেৱোঁ সবৰমতী ৰিভাৰফ্রণ্ট পৰিদর্শন কৰিব৷ উল্লেখ্য যে অহা ২৪–২৬ ফেব্রুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব ৰাষ্ট্রপতি ট্রাম্প৷