নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত সবল, ৫ ট্রিলিয়ন ডলাৰৰ অর্থনীতি সম্ভৱঃ প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মন্তব্য কৰিছে যে বিজেপি নেতৃত্বাধীন চৰকাৰে দেশক এনে এটা ভেটি গঢ়ি দিছে, যাৰ জৰিয়তে ২০২৪ চনৰ ভিতৰত দেশত ৫ ট্রিলিয়ন ডলাৰ অর্থনীতি সম্ভৱ ৷ ‘যোৱা পাঁচ বছৰত দেশে সবল স্থিতি লৈছে আৰু আমি এনে ধৰণৰ লক্ষ্য নির্ধাৰণ কৰি তাক অতিক্রম কৰিব পাৰিম ৷’ –নতুন দিল্লীত এছ’চিয়েটেড চেম্বার্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্রী অৱ ইণ্ডিয়াৰ শতবর্ষ সম্পূর্ণ হোৱা উপলক্ষে হোৱা এক সভাত অংশ লৈ ভাষণ প্রসংগত মোদীয়ে এইদৰে কয় ৷ ২০২৪ চনৰ ভিতৰত দেশৰ অর্থনীতি ৫ ট্রিলিয়ন ডলাৰত উপনীত কৰাবলৈ বিভিন্ন খণ্ডত পৰিকল্পনা প্রস্তুত কৰা হৈছে বুলিও প্রধানমন্ত্রীজনে মন্তব্য কৰে ৷ প্রধানমন্ত্রী মোদীয়ে পূর্বৰ চৰকাৰে কৰা ভুলসমূহৰ কথা উল্লেখ কৰি তীব্র সমালোচনা কৰে ৷ তেওঁ কয়– ৫–৬ বছৰ পূর্বে আমাৰ অর্থনীতি তীব্র সংকটৰ সন্মুখীন হৈছিল ৷ কিন্তু আমি সেই ঘাটি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ ৷ তেওঁ আৰু কয় যে তথ্য–প্রযুক্তি ব্যৱহাৰ আৰু আধুনিকীকৰণেৰে অর্থনীতিক গতি দিবলৈ চৰকাৰ সক্ষম হৈছে ৷

You might also like