ভুৱা বাতৰিকলৈ ক্ষোভ প্ৰকাশ উদ্যোগপতি ৰতন টাটাৰ
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ বাবে দেশৰ অৰ্থনীতি বৃহৎ নিম্নগামী হ’ব বুলি ছ’চিয়েল মিডিয়াত চৰ্চিত বাতৰিক লৈ ক্ষোভ প্ৰকাশ কৰিলে উদ্যোগপতি ৰতন টাটাই। উল্লেখ্য যে ছ’চিয়েল মিডিয়াত দেশৰ অৰ্থনীতি বৃহৎ নিম্নগামী হ’ব বুলি ৰতন টাটাই কৰা মন্তব্য ব্যাপক চৰ্চিত হৈছে সেই লৈ উদ্যোগপতি ৰতন টাটা সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই সমালোচনাৰ মাজতে উদ্যোগপতি টাটাই তেনেধৰণৰ মন্তব্য কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে। উদ্যোগপতিগৰাকীয়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বাতৰিটো তেওঁ লিখা কিম্বা তেনেধৰণৰ মন্তব্য কৰা নাই বুলি স্পষ্টীকৰণৰ দি হোৱাটছএপ আৰু সামাজিক মঞ্চৰ ভুৱা বাতৰিটো পৰীক্ষণ কৰিবলৈ দাবী জনাইছে। উদ্যোগপতিগৰাকীয়ে এইবুলিও স্পষ্ট কৰি দিয়ে যে তেওঁৰ কিবা ক’ব লগীয়া থাকিলে তেওঁৰ নিজা অফিচিয়েল বেৱছাইটৰ যোগেদি প্ৰচাৰ কৰিব। ক’ৰোনাৰ বিৰুদ্ধে উদ্যোগপতি টাটাৰ প্ৰতিষ্ঠানে কেন্দ্ৰীয় চৰকাৰক ১৫০০কোটি বৰঙনি আগবঢ়াইছে বুলিও মন্তব্য কৰি কয় যে লক ডাউনৰ সময়ত নিম্নগামী হোৱা অৰ্থনীতি শীঘ্ৰেই উজ্জীৱিত হ’ব।