নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্রকাশ ইউজিচিৰ; ৰাজধানী দিল্লীত সর্বাধিক ৮, উত্তৰ প্রদেশত ৭ ভুৱা বিশ্ববিদ্যালয়

নিয়মীয়াবার্তা, ২৭আগষ্ট: বিশ্ববিদ্যালয় অনুদান আয়োগ, চমুকৈ ইউজিচিয়ে আজি দেশৰ কেইবাখনো ৰাজ্যত থকা ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্রকাশ কৰিছে৷ ইউজিচিয়ে ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্রকাশ কৰি এই বিশ্ববিদ্যালয়ৰ পৰা লোৱা ডিগ্রী বাতিল কৰাৰো নির্দেশ দিছে৷ ইউজিচিৰ ৱেবছাইটত এই সন্দর্ভত সঠিক তথ্য উল্লেখ কৰা আছে৷ ভুৱা বিশ্ববিদ্যালয়ৰ তালিকাত ৰাজধানী দিল্লীৰ ৮খন ভুৱা বিশ্ববিদ্যালয় আছে৷ মুঠ ২১খনৰ ভিতৰত দিল্লীৰ ৮খন হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ পাব্লিক এণ্ড ফিজিকেল হেলথ্ ছায়েঞ্চ, ভোকেচনেল ইউনিভার্ছিটী, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড ইঞ্জিনীয়াৰিং, ইউনাইটেড নেচনছ ইউনিভার্ছিটী, কমার্চিয়েল ইউনিভার্ছিটী লিমিটেড, এডিআৰ–ছেণ্ড্রিক জুডিচিয়েল ইউনিভার্ছিটী, বিশ্বকর্ম অ’পেন ইউনিভার্ছিটী আৰু আধ্যাত্মিক বিশ্ববিদ্যালয়৷ উত্তৰ প্রদেশত ৮খন আছে৷ ইয়াৰ ভিতৰত গান্ধী হিন্দী বিদ্যাপীঠ, নেতাজী সুভাষ চন্দ্র বসু ইউনিভার্ছিটী, ভাৰতীয় শিক্ষা পৰিষদ আদি৷ কর্ণাটক, মধ্যপ্রদেশ, পশ্চিমবংগ আদিকে ধৰি কেইবাখনো ৰাজ্যত ভুৱা বিশ্ববিদ্যালয় চলি থকাৰ তথ্য ইউজিচিৰ তালিকাত প্রকাশ পাইছে৷ মন কৰিবলগীয়া যে এই ভুৱা বিশ্ববিদ্যালয়ৰ জৰিয়তে একাংশ লোকে শিক্ষার্থীক ধনৰ বিনিময়ত ডিগ্রী প্রদান কৰি আহিছে৷

You might also like