নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেনিচ কার্নিভেলত বর্ণিল বেশভূষাৰ সমাহাৰ

নিয়মীয়া বাৰ্তা ১১ ফেব্রুৱাৰীঃ বর্ণিল কার্নিভেলত সোমবাৰে মুখৰ হৈ পৰিল ইটালীৰ প্রাচীন চহৰ ভেনিচ৷ ১৯৬৬ চনৰ পিছত যোৱা বছৰ প্রলয়ংকৰী বানে তাণ্ডৱ সৃষ্টি কৰিছিল ভেনিচ চহৰত৷ এই বিধ্বংসী বানৰ মাত্র কেইটামান মাহ পিছতেই চহৰখনৰ কার্নিভেল পূর্বৰ দৰে আনন্দ তথা উলাহৰ নহ’ব বুলি ধাৰণা কৰিছিল বিভিন্ন মহলে৷ কিন্তু দেশবাসীক আচৰিত কৰি ভেনিচৰ উপৰি অন্য কেইবাখনো চহৰত হাজাৰ হাজাৰ লোকে বর্ণিল বেশভূষাৰে এই ঐতিহ্যপূর্ণ কার্নিভেলত অংশগ্রহণ কৰে৷ ভেনিচ হৈছে বিভিন্ন ধৰণৰ মাস্ক আৰু অগতানুগতিক বেশভূষাৰে কার্নিভেলত জনসাধাৰণে অংশগ্রহণ কৰা এখন চহৰ৷ চহৰখনৰ এই কার্নিভেল ইউৰোপ বা লেটিন আমেৰিকাৰ কোনো কার্নিভেলৰ সৈতে নিমিলে৷ ১১ শতিকাৰ পৰা চলি আহিছে ভেনিচৰ এই কার্নিভেল৷ ইষ্টাৰলৈ ৪০ দিন বাকী থকা অৱস্থাত খ্রীষ্টান পৰম্পৰা অনুসৰি চহৰখনত আৰম্ভ হয় এই উৎসৱ৷ আগন্তুক ২৫ ফেব্রুৱাৰীলৈ চলিব ভেনিচ কার্নিভেল

You might also like